আগন্তুক লোকসভা নিৰ্বাচনত কোন হ’ব কোকৰাঝাৰৰ বিপিএফ প্ৰাৰ্থী

ডিজিটেল সংবাদ, শালবাৰীঃ লোকসভা নিৰ্বাচনত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী হ’ব পাৰে প্ৰবীণ বড়ো৷ আনুষ্ঠানিক ঘোষণা নহয় যদিও পাকে-প্ৰকাৰে মঙলবাৰে এই কথা প্ৰকাশ কৰিলে বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে৷ উল্লেখ্য যে, মঙলবাৰে বিয়লি বাক্সাৰ সাউদৰভিঠাত বিপিএফ দলে আয়োজন কৰা এখন অভিভাৱক সন্মিলনীত উপস্থিত থকাৰ অন্তত আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত বিপিএফ দলে কাক প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, অহা ৬ মাৰ্চত চিডব্লিউচি সভাত প্ৰাৰ্থী সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব৷

ইফালে কিন্ত প্ৰবীণ বড়োক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে “প্ৰবীণ বড়োৰ ভাগ্য ভাল”! অৰ্থাৎ হাগ্ৰামা মহিলাৰীৰ এই মন্তব্যই কোকৰাঝাৰ সমষ্টিত দলটোৰ ফালৰ পৰা শক্তিশালী প্ৰাৰ্থী হিচাপে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োকেই যে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা অধিক সেই কথাকেই প্ৰতীয়মান কৰিছে৷ আনহাতে বিজেপিৰ লগত থাকিয়ে বিপিএফ দলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জনায় হাগ্ৰামা মহিলাৰীয়ে জানিবলৈ দিয়ে৷

মঙলবাৰৰ অভিভাৱক সন্মিলনীত হাগ্ৰামা মহিলাৰীৰ উপৰি বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়ো, মথনগুৰি সমষ্টিৰ এমচিএলএ গৌতম দাস, মিলন বড়োকে ধৰি দলটোৰ কেবাগৰাকীও নেতা উপস্থিত থাকে৷

The post আগন্তুক লোকসভা নিৰ্বাচনত কোন হ’ব কোকৰাঝাৰৰ বিপিএফ প্ৰাৰ্থী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ICYrHX
via IFTTT

Comments