ভাৰতৰ দুই পাইলট বন্দী পাক সেনাৰ হাতত

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱা ভাৰতৰ ভূমিত আক্ৰমণ চলাবলৈ আহিছিল পাকিস্তানৰ দুখনকৈ এফ-১৬ বিমান। সেই দুই বিমানক বাধা দিছিল ভাৰতীয় বায়ু সেনাৰ দুখন যুঁজাৰু বিমানে। পাকিস্তানৰ এফ-১৬ বিমানখন ভাৰতীয় সেনাই গুলিয়াই ভূপতিত কৰিছিল। সেই সময়তে ভূপতিত হৈছিল ভাৰতৰো এখন মিগ-২১ শ্ৰেণীৰ যুঁজাৰু বিমান।
পাকিস্তানে দাবী কৰিছিল দুখনকৈ ভাৰতৰ বিমান ধ্বংস কৰাৰ কথা। কিন্তু ভাৰতৰ বিদেশ মন্ত্ৰণালয় আৰু বায়ু সেনাই এখনকৈ মিগ-২১ হেৰুওৱা বুলি সদৰী কৰিছে। ভূপতিত হোৱা এই বিমান খনৰ পাইলটজন সন্ধানহীন হৈ আছে বুলি দাবী কৰিছে বায়ুসেনাৰ কৰ্তৃপক্ষই। ইয়াৰ পূৰ্বে পাকিস্তানে তেওঁলোকৰ কব্জাত দুজনকৈ ভাৰতীয় বায়ু সেনাৰ পাইলট আছে বুলি সদৰী কৰিছিল।
ভাৰতীয় বায়ু সেনাই অৱশ্যে এজনহে পাইলট সন্ধানহীন আছে আৰু আনুষ্ঠানিকভাৱে পাকিস্তানে সেই সন্দৰ্ভত ভাৰতক জনোৱা নাই বুলি সংবাদমেল যোগে ঘোষণা কৰিছে। লক্ষণীয় যে পুৱাৰ ভাগত শ্ৰীনগৰৰ সমীপৱৰ্তী বুদগামত এখন ভাৰতীয় মিগ-২১ শ্ৰেণীৰ যুঁজাৰু বিমানৰ ধ্বংসস্তূপ উদ্ধাৰ হৈছিল। সেই ধ্বংসস্তূপৰ লগতে উদ্ধাৰ হৈছিল দুটাকৈ মৃতদেহ।
ইফালে, পাকিস্তানৰ ভূপতিত বিমানখন পাক ভূমিত সৰি পৰিছিল বুলি দাবী কৰিছে ভাৰতে। অৱশ্যে পাইলটজনৰ সন্দৰ্ভত ভাৰতৰ হাতত কোনো তথ্য নাই বুলি ভাৰতে স্পষ্ট কৰি দিছে। ভাৰতীয় বায়ু সেনাৰ পাইলটগৰাকীক উদ্ধাৰ কৰিবলৈ ভাৰতে কুটনৈতিকভাৱে নে ৰাষ্ট্ৰসংঘৰ জৰিয়তে চেষ্টা চলাব সেই সন্দৰ্ভত একো তথ্য প্ৰকাশ কৰা নাই।
পাকিস্তানে অৱশ্যে দুজনকৈ ভাৰতীয় পাইলট বন্দী কৰাৰ কথা দাবী কৰিলেও ভাৰতীয় সেনাই এজন পাইলট সন্ধানহীন হৈ থকা কথাহে জানিবলৈ দিছে। পূৰ্বতে দুখনকৈ ভাৰতীয় বায়ুসেনাৰ বিমান ভূপতিত কৰা বুলি দাবী কৰি শেষ মুহূৰ্তত ভাৰতীয় বায়ুসেনাৰ বিমান ভূপতিত কৰাৰ ঘটনাৰে পাক সেনা জড়িত নহয় বুলি পাকিস্তানৰ শীৰ্ষ সেনাৰ সূত্ৰই দাবী কৰিছিল।
The post ভাৰতৰ দুই পাইলট বন্দী পাক সেনাৰ হাতত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EzP2ww
via IFTTT
Comments
Post a Comment