বিটিএডিৰ ৪৬৬৭.৭৬২ কোটি টকাৰ বাজেট গৃহীত, সামৰণি পৰিল বাজেট অধিবেশন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিএডি বিধান পৰিষদীয় ভৱনত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিটিএডিৰ বাজেট অধিবেশনৰ বুধবাৰে সামৰণি পৰে৷ উল্লেখ্য যে, বিটিচিৰ বিত্ত বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে মঙলবাৰে দাখিল কৰা ২০১৯-২০ বিত্তীয় বৰ্ষৰ ৪৬৬৭.৭৬২ কোটি টকাৰ বাজেটখন বুধবাৰে সদনৰ সৰ্বসন্মতিমৰ্মে গৃহীত কৰা হয়৷অৱশ্যে বাজেট গৃহীতকৰণৰ পূৰ্বে বিৰোধীৰ দলপতি ৰণগৌৰা নাৰ্জাৰীয়ে বিটিএডিৰ ৮০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱা বুলি উল্লেখ কৰি বাজেটত কৃষি আৰু জলসিঞ্চন বিভাগক অধিক পূঁজি দিয়াৰ পৰামৰ্শ আগবঢ়ায়৷
তেওঁ বিটিচিৰ বাজেটখনৰ ক্ষেত্ৰত পলিচিৰ আধাৰত বাজেট গ্ৰহণ কৰাৰ আহবান জনায়৷ পৰিষদীয় সদস্য নাৰ্জাৰীয়ে লগতে কয় যে, বিটিএডিত যিহেতু ৰাজহ সংগ্ৰহৰ বাবে বহু উৎস আছে তেনেক্ষেত্ৰত বিটিচিৰ শাসকীয় নেতা সকলে ৰাজহ সংগ্ৰহৰ দিশত সদিচ্ছাৰ অভাৱ হোৱা দেখা যায়।
একেদৰে বিৰোধী দলৰ পৰিষদীয় সদস্য জিৰণ বসুমতাৰী আৰু মাউথি ব্ৰহ্ম হাজোৱাৰীও বিটিএডিৰ জনতাৰ স্বাৰ্থত শিক্ষা, কৃষি, জলসম্পদ, ভৈয়াম জনজাতি আৰু পিছপৰা উন্নয়ন বিভাগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক বাজেটত অধিক পুঁজি আৱন্টন দিবলৈ বিটিচি কৰ্তৃপক্ষক পৰামৰ্শ আগবঢ়ায়৷ আনহাতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিত্ত বিভাগৰ দায়িত্বত থকা হাগ্ৰামা মহিলাৰীয়ে বাজেট প্ৰসংগ দাঙি ধৰি কয় যে, অসম চৰকাৰে বিটিচিৰ জনসংখ্যা অনুপাতে পুঁজি মোকলাই নিদিয়াক লৈ বিটিচিৰ বাজেট প্ৰস্তুতত বেমেজালিৰ সৃষ্টি হয়৷
মহিলাৰীয়ে বিটিচিয়ে বাজেট তৈয়াৰ কৰা নিজস্ব ক্ষমতা পাইছে যদিও বাজেটৰ পুঁজি ধাৰ্য্য কৰাক লৈ বিপাঙত পৰাটো নিসন্দেহে স্বীকাৰ কৰিবলৈ বাধ্য হয়৷ বুধবাৰে বিটিচিৰ বাজেট অধিবেশনৰ সামৰনি দিনা সদনত বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী আৰু শাসকীয় দলৰ কাৰ্যবাহী সদস্য সকলৰ লগতে প্ৰায়ভাগ পৰিষদীয় সদস্য উপস্থিত থাকে৷
The post বিটিএডিৰ ৪৬৬৭.৭৬২ কোটি টকাৰ বাজেট গৃহীত, সামৰণি পৰিল বাজেট অধিবেশন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BTYRUA
via IFTTT
Comments
Post a Comment