ওৰাঙত চিলংখুটী মহিলা আত্মসহায়ক গোটৰ চুলাই মদৰ ঘাটি উৎখাত

ডিজিটেল সংবাদ ,ওৰাংঃ যোৰহাট আৰু গোলাঘাটত চুলাই মদ পান কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পিছতে যেন সক্ৰিয় হৈ পৰিছে ৰাজ্যৰ ভিন্নৰ প্ৰান্তৰ ৰাইজ। বুধবাৰে ওৰাঙৰ চিলংখুটীত সিদ্ধি জীবিকা মহিলা আত্মসহায়ক গোটে অভিযান চলাই ২২ টাকৈ অবৈধ চুলাই মদৰ ঘাটি উৎখাত কৰে। এই অভিযানত কেইবাশ লিটাৰ সুৰা নষ্ট কৰে মহিলাৰ দলটোৱে।

লক্ষণীয়ভাবে ছিলংখুটী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীযোগান আঁচনিৰ কাৰ্যালয়ত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অবৈধ চুলাই মদ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীযোগান আঁচনিৰ কাৰ্যালয়ত চুলাই মদ ওলোৱাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে এতিয়া সমগ্ৰ অঞ্চলজুৰি।

কেইবাটাও স্থানত চলোৱা এই অভিযানত অবৈধ চুলাই মদৰ ঘাটি উৎখাত কৰে মহিলাৰ দলটোৰ লগতে অঞ্চলবাসী ৰাইজে। আত্মসহায়ক গোটৰ এই অভিযানত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগতে মাজবাট ব্ল’ক কংগ্ৰেছে সহযোগ কৰে।

অভিযানৰ নেতৃত্ব দিয়ে কংগ্ৰেছ নেতা বিশ্বজিৎ গৌড়ে। ব্যৰ্থ আবকাৰি বিভাগ আৰু ব্যৰ্থ মন্ত্ৰী ক তীব্ৰ সমালোচনা কৰে চিলংখুটী সিদ্ধি জীবিকা আত্মসহায়ক গোট আৰু ৰাইজে ।

The post ওৰাঙত চিলংখুটী মহিলা আত্মসহায়ক গোটৰ চুলাই মদৰ ঘাটি উৎখাত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NtLpLu
via IFTTT

Comments