এ আই ইউ ডি এফে গঠন কৰিলে দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ অৱশেষত বহু জল্পনা কল্পনাৰ পিছত দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদ গঠন কৰে এ আই ইউ ডি এফ দলে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিয়লি প্ৰায় ২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰেক্ষাগৃহত পাচঁ জন সদস্যৰ ভিতৰত অগপ দলৰ দুজন সদস্য অনুপস্থিত থাকে যদিও এ আই ইউ ডি এফ দলৰ তিনি জন সদস্যৰ উপস্থিতিত সদস্য মেৰিনা খান দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। জিলা উপায়ুক্ত আতিকা চুলতানা, অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানৰ উপস্থিতিত সুকলমে জিলা পৰিষদ খন গঠন হয়।

মন কৰিবলগীয়া বিষয় এয়া যে জিলা পৰিষদ গঠনৰ পূৰ্বে অগপৰ নেতা জাবেদ ইছলাম আৰু তেওঁৰ পত্নী তথা কাকৰিপাৰা জিলা পৰিষদ সমষ্টিৰ পৰা অগপৰ নিৰ্বাচিত সদস্য হাচিনা ইছলাম আৰু আৰু ফেকামাৰী জিলা পৰিষদ পৰা নিৰ্বাচিত অগপৰ সদস্য দুজন এই জিলা পৰিষদ গঠন সভাত অনুপস্থিত থাকে।

কিন্তু লক্ষণীয় বিষয় যে দুয়ো জিলা পৰিষদ গঠনৰ পূৰ্বে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কাষত আহিছিল যদিও ৰহস্যজনক ভাবে সদস্যদ্বয় গুচি যায়। ফলত উপায়ন্তৰ হৈ জিলা প্ৰশাসনে জিলা পৰিষদ খন এ আই ইউ ডি এফৰ নেতৃত্বত গঠন কৰিবলৈ সুযোগ দিয়ে। ২ নং কালাপানী জিলা পৰিষদ সমষ্টিৰ পৰা মেৰিমা খান নিৰ্বাচিত হৈছিল। মুঠ পাঁচ খন আসনৰ তিনিখন আসন এ আই ইউ ডি এফে লাভ কৰাত যোৱা প্ৰায় এসপ্তাহ পূৰ্বেও জিলা পৰিষদ খন গঠনৰ বাবে জিলা প্ৰশাসনে যাবতীয় প্ৰস্ততি হাতত লৈছিল যদিও উক্ত দিনৰ অগপৰ সদস্যদ্বয় ৰহস্যজনক ভাবে উপস্থিতি নথকাত জিলা পৰিষদ গঠন হোৱা নাছিল।

The post এ আই ইউ ডি এফে গঠন কৰিলে দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EoAizE
via IFTTT

Comments