কোনে দায়িত্ব ল’ব গোলাঘাটৰ ৩২নিঠৰুৱা শিশুৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শেহতীয়া সুৰা কাণ্ডৰ সন্দৰ্ভত বৃহস্পতিবাৰে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা উপায়ুক্ত ধীৰেন হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত সভাত জিলা প্ৰশাসনিক বিষয়া, আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিষয়া, জাতীয় সংগঠন, জ্যেষ্ঠ নাগৰিক, বিভিন্ন দল-সংগঠনৰ নেতাকৰ্মী উপস্থিত থাকি শেহতীয়া সুৰাকাণ্ডৰ বিৰুদ্ধে বিতংভাৱে আলোচনা কৰা হয়। সভাত জিলা উপায়ুক্তই গোলাঘাট জিলাত বিষাক্ত সুৰাপান কৰি ৯৪ জন লোকে প্ৰাণ হেৰুৱাই বুলি উল্লেখ কৰে। ইয়াৰে ১৩টা পৰিয়ালৰ স্বামী-স্ত্ৰী দুয়োজনেই প্ৰাণ হেৰুওৱাৰ ফলত ৩২ টাকৈ শিশু অভিভাৱকহীন হৈ পৰে।
চৰকাৰে মৃতকৰ পৰিয়াললৈ যি ২ লাখ টকা ঘোষণা কৰিছে সেই আৰ্থিক সাহাৰ্য শিশুসকলৰ হৈ যিসকল আত্মীয়-কুটুম্বে গ্ৰহণ কৰিব তেওঁলোকে সেই টকাখিনি প্ৰকৃততে শিশুসকলৰ যত্ন লোৱাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে তাকলৈ বিস্তিতভাৱে আলোচনা কৰা হয়। লগতে উপায়ুক্তগৰাকীয়ে এইক্ষেত্ৰত দল-সংগঠনসমূহে বিশেষভাৱে দায়িত্ব লোৱাৰ পোষকতা কৰে। গোলাঘাট জিলা সমাজকল্যাণ বিষয়া স্মৃতিৰেখা দত্ত বৰাই সমাজকল্যাণ বিভাগৰ আঁচনিৰ অধীনত অভিভাৱক বিহীন শিশুসকলৰ দায়িত্ব গ্ৰহণৰ ক্ষেত্ৰত বিভাগটোৱে ল’ব লগা সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি সভাত জানিবলৈ দিয়ে।
সভাত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি জগদীশ বৰাইকে গোলাঘাট জিলাত বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু হোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰি আবকাৰী আৰু আৰক্ষী বিভাগক সক্ৰীয় কৰি তুলিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়। গোলাঘাট জিলা চাহ মজদুৰ সংঘৰ সভাপতি ঘনশ্যাম বাঢ়ৈয়ে চাহ জনজাতি অধ্যুষিত অঞ্চলসমূহ ড্ৰাই ডে’ ঘোষাণা কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনায়।
জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী সভাত উপস্থিত থাকি চুলাই মদৰ উৎস লালিগুড়ৰ উৎপাদন কাৰ্বি-আংলং জিলাৰ বকলিয়া, খেৰণি, বৰলাংফাৰ আদি অঞ্চল বুলি উল্লেখ কৰে। লগতে গোস্বামীয়ে অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা লালিগুড়েই গোলাঘাটৰ মৃত্যুৰ বিভিষীকাৰ সৃষ্টি কৰিলে বুলিও উল্লেখ কৰে। লগতে তেওঁ কয় যে, চৰকাৰে গোলাঘাট জিলাত লালিগুড় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে বুলি কৈ বিগত বৰ্ষত দৈয়াং চাহ বাগচাত ২২ জন শ্ৰমিক প্ৰাণ হেৰুওৱাৰ লগতে সম্প্ৰতি গোলাঘাট-যোৰাহাটকে ধৰি ডেৰশতাধিক লোকে প্ৰাণ হেৰুৱাওৱাৰ কথা উত্থাপন কৰে।
চৰকাৰে চুলাই মদৰ ঘাটিসমূহ উচ্ছেদ কৰাৰ সমান্তৰালভাৱে উক্ত চুলাই মদ প্ৰস্তুতকাৰীৰ সকলক কৰ্মসংস্থাপন ব্যৱস্থা কৰিলেহে স্থায়ী সমাধান হ’ব বুলিও গোস্বামীয়ে মন্তব্য প্ৰকাশ কৰে। আলোচনা কালৰ সকলো দিহা-পৰামৰ্শসমূহ বৃহস্পতিবাৰে গোলাঘাটত উপস্থিত হ’বলগা সৰ্বদলীয় বিধায়িনী দলৰ আগত অৱগত কৰিব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। সভাৰ আৰম্ভণিতে মৃতসকলৰ আত্মাৰ সদগতি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়।
The post কোনে দায়িত্ব ল’ব গোলাঘাটৰ ৩২নিঠৰুৱা শিশুৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Sx6dCG
via IFTTT
Comments
Post a Comment