উত্তৰ শালমাৰাত শতিকাজোৰা ছাগলী মাংস খোৱা উৎসৱৰ সামৰণি…

ডিজিটেল সংবাদ, বঙাইগাঁওঃ নামনি অসমৰ শিৱ মন্দিৰসমূহৰ ভিতৰত অন্যতম হ’ল বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাত থকা মহাদেৱ পাহাৰ ৷ এই পাহাৰৰ প্ৰায় ২০০ ফুট উচ্চতাত থকা শিৱ মন্দিৰত পৰম্পৰাগতভাৱে চলি অহা এক লোকউৎসৱ হ’ল “খাছী (খাহি) খোৱা” উৎসৱ ৷
শতিকাযোৰা এই লোক উৎসৱৰ এক বিশেষ মাহাত্ম্য আছে ৷ গাঁওৰ প্ৰতিঘৰ লোকৰ পুৰুষ লোকসকলে ইয়াত অংশগ্ৰহণ কৰে ৷ অভয়াপুৰী চহৰৰ জন্মদাতা ৰাণী অভয়েশ্বৰীৰ জন্মগাঁও এই শালমাৰাত এই পৰম্পৰাৰ আৰম্ভণি কোনে কৰিছিল সেই সন্দৰ্ভত জনা নাযায় যদিও কিন্তু একাংশ লোকৰ মতে ৰাণী অভয়েশ্বৰীয়ে এই পৰম্পৰাৰ আৰম্ভণি কৰিছিল ৷
গাঁওৰ মানুহক শস্য চপোৱাৰ পিছত এই ভোজৰ আয়োজন কৰিছিল বুলি একাংশ লোকে ক’ব বিচাৰে ৷ এই পৰম্পৰামতে মন্দিৰ কৰ্তৃপক্ষই প্ৰতিজন লোকৰ বিপৰীতে এটুকুৰাকৈ খাছী (খাহি) ছাগলীৰ মঙহ যোগান ধৰে লগতে কেঁচাকল, মিঠাতেল, দালি, হালধি, আদি যোগান ধৰে ৷
পৰম্পৰা অনুসৰি লোকসকলে পাহাৰৰ নামনিত থকা পথাৰত ৰান্ধি তাতে খাই ঘৰাঘৰি হ’ব লাগে ৷ প্ৰতিবাৰেই এই লোক উৎসৱত হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটাৰ দৰে এইবাৰো অগণন লোকৰ সমাৱেশ ঘটিল ৷ এনেদৰে এই উৎসৱত অংশ ল’লে মনোকামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।
The post উত্তৰ শালমাৰাত শতিকাজোৰা ছাগলী মাংস খোৱা উৎসৱৰ সামৰণি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ua6n4D
via IFTTT
Comments
Post a Comment