মাজবাট জাতীয় বিদ্যালয়ত বিজ্ঞান দিৱস পালন

ডিজিটেল সংবাদ, ওৰাংঃ ওৰাঙৰ মাজবাটত মাজবাটৰ অন্যতম শিক্ষা অনুষ্ঠান মাজবাট জাতীয় বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে বৃহস্পতিবাৰে বিজ্ঞান দিৱস পালন কৰে। প্ৰতি বছৰে মাজবাট জাতীয় বিদ্যালয়ে পালন কৰি আহিছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । বিগত বৰ্ষৰ দৰে এইবাৰো ছাত্ৰ -ছাত্ৰীসকলৰ মাজত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হয় ।

বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠানৰ মুকলি কৰে মাজবাট বালিকা হাই স্কুলৰ প্ৰধান শিক্ষক অমূল্য কলিতাই।মূখ্য অতিথি হিচাপে উপস্থিত থাকে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক লীলাধৰ মজুমদাৰে ।

বিজ্ঞান প্ৰদৰ্শনীত পঞ্চাচ জনত কৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অনেক বিজ্ঞান মডেল সাজি প্ৰদৰ্শন কৰে । অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ছিত্ৰাঙ্কন , বক্তৃতা আৰু বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

এই বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠানৰ তত্বাৱধান কৰে বিদ্যালয় শিক্ষক ক্ৰমে বিজু শইকীয়া, অমৰ ভূঞা আৰু দিবাকৰ ৰাজবংশীয়ে । বিজ্ঞান দিৱস উপলক্ষে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত মাজবাট অঞ্চলৰ সকলো বিজ্ঞান শিক্ষক উপস্থিত থাকে ।

The post মাজবাট জাতীয় বিদ্যালয়ত বিজ্ঞান দিৱস পালন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2H7Krni
via IFTTT

Comments