‘বৈমানিক অভিনন্দনক ঘূৰাই আনিবলৈ প্ৰধানমন্ত্ৰীয়ে শক্তি আৰু সময় ব্যৱহাৰ কৰক’

ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি দিনকদিনে অধিক অবনতী ঘটিছে। বুধবাৰে পাক বায়ু সেনাৰ যুঁজাৰু বিমান এফ-১৬ক বাধা দিবলৈ ভাৰতীয় বায়ু সেনা সক্ষম হয় যদিও, মিগ-২১ শ্ৰেণীৰ এখন বিমান ভূপতিত হৈছিল। আৰু তাৰপাছতেই পাক সেনাই ভাৰতীয় বায়ু সেনাৰ উইং কাণ্ডাৰ অভিনন্দন বৰ্থমানক কৰায়ত্ত কৰা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।
ভাৰত-পাকৰ এনে পৰিস্থিতিৰ মজাত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় জনতা দলৰ কৰ্মকৰ্তাসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত অংশ ল’ব। ইফালে, ভাৰত-পাকৰ মাজৰ পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স কাৰ্যসূচী বাতিল কৰিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী জনায়।
মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে এই কাৰ্যসূচী স্থগিত ৰাখিব লাগে আৰু ভাৰতীয় বায়ু সেনাৰ পাইলট গৰাকীক ঘূৰাই আনিবলৈ নিজৰ শক্তি আৰু সম্পূৰ্ণ সময় ব্যৱহাৰ কৰিব লাগে। উল্লেখ্য যে, এক টুইটযোগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৮ ফেব্ৰুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে দিনৰ ১২ বজাত সমগ্ৰ দেশৰ ১ কোটিৰো অধিক বিজেপি কৰ্মকৰ্তাৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সযোগে মহাসংবাদত অংশ ল’ব বুলি জনায়। দলটোৱে দাবী কৰা অনুসৰি, এয়া বিশ্বৰ আটাইতকৈ বৃহৎ সংখ্যক লোকে একেলগে কৰা ভিডিঅ’ কনফাৰেন্স হ’ব।
The post ‘বৈমানিক অভিনন্দনক ঘূৰাই আনিবলৈ প্ৰধানমন্ত্ৰীয়ে শক্তি আৰু সময় ব্যৱহাৰ কৰক’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tFuhcz
via IFTTT
Comments
Post a Comment