পাকিস্তানৰ দুমুখীয়া স্থিতি, জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ ধাৰাসাৰ গুলিবৰ্ষণ

- জম্মু-কাশ্মীৰৰ সীমান্তত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ।
- জম্মু-কাশ্মীৰৰ কেইবাটাও অঞ্চলত পাক সেনাৰ গুলিবৰ্ষণ।
- লঘু মাৰণাস্ত্ৰৰে সীমান্তত ধাৰাসাৰ গুলিবৰ্ষণ কৰে পাকিস্তানী সেনাই।
- সুন্দেৰবাণী, মানকোট, খাৰী কৰমাৰা আৰু ডেগৱাৰ চেক্টৰত পাক সেনাৰ গুলিবৰ্ষণ।
- পুৱা ৬ বজাত আৰু আবেলি ৩ বজাত গুলিবৰ্ষণ কৰি যুদ্ধ বিৰতি উলংঘন কৰে পাক সেনাই।
- উল্লেখ্য যে ইফালে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত পাকিস্তানৰ হাতত বন্দী ভাৰতীয় উইং কামাণ্ডাৰ অভিনন্দন বৰ্ধমানক মুকলি কৰাৰ ঘোষণা কৰিছে।
- আনফালে জম্মু-কাশ্মীৰৰ সীমান্তত ভাৰতলৈ লক্ষ্য কৰি গুলিচালনা কৰিছে পাক সেনাই।
The post পাকিস্তানৰ দুমুখীয়া স্থিতি, জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ ধাৰাসাৰ গুলিবৰ্ষণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SvxmGo
via IFTTT
Comments
Post a Comment