স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপ, কোকৰাঝাৰত খালী হৈ আছে ১০১ চিকিৎসকৰ পদ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিজ্ঞান, তথ্য-প্ৰযুক্তিয়ে অভিলেখ সৃষ্টিৰ গৌৰৱময় সময়তো মানৱ সমাজৰ একাংশই অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ বলি হৈ সমাজত ডাইনী হত্যাৰ দৰে জঘন্য লজ্জাজনক ঘটনা সংঘটিত কৰি অস্থিৰতাৰ সৃষ্টিৰে সমাজখনক সময়ে সময়ে বিশৃংখল কৰি আহিছে৷ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনজাতি-অজনজাতি সমাজত শিপাই থকা এই অন্ধবিশ্বাসৰ বিহ শিপাডালক পুলিয়ে-পোখাই উভালি এখন সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীৰ “প্ৰজেক্ট প্ৰহৰী”ৰ জৰিয়তে আক্ৰান্ত অঞ্চলৰ গঞা ৰাইজৰ মাজত সময়ে সময়ে অসম আৰক্ষীয়ে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে৷

বুধবাৰেও অসম আৰক্ষীৰ প্ৰজেক্ট প্ৰহৰীৰ অধীনত কোকৰাঝাৰ আৰক্ষীৰ উদ্যোগত আৰু মিছন বীৰুবালা ৰাভাৰ সহযোগত কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও থানা এলেকাধীন মদাতী বজাৰত এক সজাগতা সভাৰ আয়োজন কৰা হয়৷ পৰ্বতঝোৰা মহকুমাৰ মহকুমাধিপতি (অসামৰিক) সতীশ ঠাকুৰীয়াৰ সভাপতিত্বত আয়োজিত হোৱা সজাগতা সভাখনত অন্ধবিশ্বাস, কু-সংস্কাৰ বিশেষকৈ জনজাতীয় সমাজত চেগা-চোৰোকাকৈ চলি থকা সন্দেহজনক ডাইনী হত্যাৰোধৰ ক্ষেত্ৰত এক বলিষ্ঠ আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰি নীৰৱছিন্ন সংগ্ৰাম অব্যাহত ৰখা ডা° বীৰুবালা ৰাভা, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া দীপক কুমাৰ দাস, নিখিল ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ, ৰাভা সাহিত্য সভা, আলোচনা পন্থী ৰাভা লিবাৰেচন ফ্ৰন্ট, এবছু, গাৰো ছাত্ৰ সন্থাৰ লগতে আন কেবাটাও সামাজিক দল-সংগঠনৰ প্ৰতিনিধিৰ উপৰিও বহুকেইগৰাকী সমাজ সেৱকে অংশ গ্ৰহণ কৰে৷

সজাগতা সভাত উপস্থিত থকা ডা° বীৰুবালা ৰাভা সহ আন বক্তা সকলে নিজ নিজ ভাষণত দুৰ্গম, অনগ্ৰসৰ অঞ্চলসমূহত আধুনিক চিকিৎসা সেৱাৰ অভাৱ, চিকিৎসালয়-চিকিৎসকৰ অভাৱৰ বাবে বিকল্প হিচাপে স্থানীয় তথাকথিত বেজ, তান্ত্ৰিকৰ শৰণাপন্ন হোৱা, শিক্ষাৰ পোহৰ নোপোৱা, পুতৌলগা যাতায়াত ব্যৱস্থা আদিয়েই মূল কাৰণ বুলি আঙুলিয়াই দি এই ক্ষেত্ৰত কোকৰাঝাৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনত আধুনিক চিকিৎসা সেৱাৰ সুবিধা উপলব্ধ কৰা, চিকিৎসালয়, শিক্ষানুষ্ঠান নথকা দুৰ্গম, আওহতীয়া অঞ্চলবোৰত চিকিৎসালয় স্থাপন কৰি চিকিৎসক আৰু আন স্বাস্থ্য সেৱা কৰ্মীৰ সেৱা নিশ্চিত কৰিব পাৰিলে সন্দেহজনক ডাইনী হত্যাৰ দৰে কু-সংস্কাৰ ৰোধৰ পথ পোৱা যাব বুলি মত ব্যক্ত কৰে৷ তদুপৰি উক্ত সজাগতা সভাখনত মদাতী তৃতীয়, চতুৰ্থ, পঞ্চম খণ্ড, খোপাতি আৰু বৰশীঝোৰা গাঁৱৰ প্ৰায় ১২০০ ৰাইজে অংশ গ্ৰহণ কৰে৷

উল্লেখ্য যে, কোকৰাঝাৰৰ জিলাত সময়ে সময়ে সংঘটিত হৈ থকা ডাইনী কাণ্ডৰ দৰে অন্ধবিশ্বাস ৰোধ কৰিবলৈ প্ৰচেষ্ঠা অব্যাহত থকাৰ সময়তে চিকিৎসাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত ছবি এখন দেখা গৈছে। কোকৰাঝাৰ জিলাত ১৪৭ টা চিকিৎসা বিষয়াৰ অনুমোদিত পদ আছে যদিও তাৰে ৪৬ টা পদতহে চিকিৎসক আৰু চিকিৎসা সেৱা কৰ্মী নিয়োজিত হৈ থকাৰ বিপৰীতে বাকী ১০১টা পদ এতিয়াও খালী হৈ আছে বুলি জানিব পৰা গৈছে।

প্ৰণিধানযোগ্য যে, কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে আগভাগ লৈ জিলাখনৰ বিভিন্ন প্ৰান্তত নিৰবচ্ছিন্নভাৱে সজাগতা সভা অনুষ্ঠিত কৰি সমাজৰ পৰা ডাইনী প্ৰথাৰ দৰে কু প্ৰথা বিলুপ্তি ঘটাবলৈ প্ৰচেষ্ঠা অব্যাহত ৰাখিছে যদিও সময়ে সময়ে জিলাখনত ডাইনী সন্দেহত ঘটনা সংঘটিত হৈয়ে আছে। কেইদিন মান পূৰ্বে মদাতী গাঁৱত সংঘটিত হোৱা ডাইনীকেন্দ্ৰিক ঘটনাত নিৰ্জয় ৰাভা(৫০) নামৰ লোক এগৰাকী মৃত্যুমুখত পৰাৰ লগতে আন দুজন লোক আহত হৈছিল আৰু উক্ত ঘটনাৰ সতে জড়িত ১৭ জন লোকক আৰক্ষীয়ে আটক কৰিছিল।

The post স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপ, কোকৰাঝাৰত খালী হৈ আছে ১০১ চিকিৎসকৰ পদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IJ7mrc
via IFTTT

Comments