সাৱধান! দেশত শত্ৰুৱে চলাব পাৰে অপপ্ৰচাৰ

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত বিৰাজ কৰা অশান্ত পৰিস্থিতিৰ মাজতে বিৰোধী দল কংগ্ৰেছে দেশৰ জনসাধাৰণলৈ এক আহ্বান জনাইছে। বুধবাৰে কংগ্ৰেছে এক টুইটযোগে কয় যে ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পোৱা পৰিস্থিতিৰ মাজত ভুৱা বাতৰি আৰু ঘৃণাৰ কবলত পৰাতো তেনেই সহজ। যাৰ বাবে কংগ্ৰেছে এনে পৰিস্থিতিত জনসাধাৰণক প্ৰতিক্ৰিয়া ব্যক্ত কৰাত সংযম বৰ্তাই ৰাখিবলৈ অনুৰোধ জনায়। চৰকাৰৰ তৰফৰ পৰা কোনো তথ্য জাৰি নকৰা পৰ্যন্ত কোনো বাতৰি বা খবৰ শ্বেয়াৰ নকৰিবলৈও আহ্বান জনায় কংগ্ৰেছে।
ইফালে আন এটা টুইটত বিৰোধী ৰাজনৈতিক দলটোৱে জম্মু-কাশ্মীৰৰ বুদগামত যুঁজাৰু বিমান ভূপতিত হৈ প্ৰাণ হেৰুওৱা ভাৰতীয় বায়ুসেনাৰ পাইলট দুজনৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি শোক প্ৰকাশ কৰে। শ্বহীদ পাইলট দুজনৰ দেশপ্ৰীতি, দেশৰ সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতা আৰু সাহসক সন্মান জনায়।
The post সাৱধান! দেশত শত্ৰুৱে চলাব পাৰে অপপ্ৰচাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NxWoDN
via IFTTT
Comments
Post a Comment