অসম আৰক্ষীত ব্যাপক ৰদ বদল

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম আৰক্ষীৰ শীৰ্ষ পৰ্য্যায়ত ব্যাপক সাল-সলনি ঘটোৱা হৈছে। সেই মৰ্মে এ পি এচ চি কেলেংকাৰীৰ মুখ্য তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰক গোলাঘাটলৈ বদলি কৰা হৈছে। পানেছাৰৰ উপৰিও আৰক্ষীৰ আভ্যন্তৰত ব্যাপক ৰদ বদল কৰা হৈছে। গুৱাহাটীৰ এ ডি চি পি উজ্বল প্ৰতিম বৰুৱাক দৰঙৰ এ এচ পি হিচাপে বদলি কৰা হৈছে। তাৰোপৰি গোলাঘাটৰ এ এচ পি ধ্ৰুৱ বৰাক ডিব্ৰুগড়লৈ, পশ্চিম গুৱাহাটীৰ এ ডি চি পি বিবেকানন্দ দাসক মান্দাকাটাৰ চি ডি অ’(বিএন)ৰ ডেপুটী কামাণ্ডেণ্ট হিচাপে, গোৱালপাৰাৰ নন্দিতা মহন্তক এ এচ পি পদৰ পৰা পূৱ গুৱাহাটীৰ এ ডি চি পি হিচাপে, পূৱ গুৱাহাটীৰ এ ডি চি পি অমিতাভ বসুমতাৰীক গোৱালপাৰাৰ এ এচ পি হিচাপে বদলি কৰা হৈছে।

আনহাতে, গুৱাহাটীৰ এ ডি চি পি মৃণাল ডেকাক বদলি কৰি চৰাইদেউৰ মুখ্য কাৰ্য্যালয়ৰ এ এচ পি হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হৈছে। মান্দাকাটাৰ চি ডি অ’ৰ ডেপুটী কামাণ্ডেণ্ট সুপ্ৰতীভ লাল বৰুৱাক গুৱাহাটীৰ এ ডি চি পি পদলৈ বদলি কৰা হৈছে। বাক্সাৰ সত্যৰঞ্জন শইকীয়াক শদিয়াৰ মুখ্যকাৰ্য্যলয়ৰ এ এচ পি হিচাপে, ডিব্ৰুগড় এ এচ পি(বি) প্ৰদীপ শইকীয়াক চৰাইদেউৰ এ এচ পি(বি) পদলৈ বদলি কৰা হৈছে। দিল্লীত থকা অসম ভৱনৰ দায়িত্বভাৰ অৰ্পন কৰা হৈছে কাহিলিপাৰাৰ চতুৰ্থ এ পি বি এনৰ শৰ্মিষ্ঠা বৰুৱাক। কৰিমগঞ্জৰ এ এচ পি(বি) ৰ দায়িত্বত থকা ৰণবীৰ শৰ্মাক নলবাৰীৰ ১৪ সংখ্যক এ পি বি এনৰ ২ আই/চি পদৰ বাবে বদলি কৰা হৈছে। শদিয়াৰ মুখ্য কাৰ্য্যলয়ৰ মাধুৰমা দাসক গুৱাহাটীৰ এ ডি চি পি হিচাপে, চৰাইদেউৰ এ এচ পি(বি) জ্যোতিৰঞ্জন নাথক শিৱসাগৰৰ এ এছ পিলৈ, জামুগুৰিহাটৰ ১২নং এ পি বি এনৰ ২নং আই/চি গীতাশ্ৰী কোঁৱৰক মাজুলীৰ এ এচ পি মুখ্য কাৰ্য্যলয়লৈ, কোকৰাঝাৰৰ ৭নং এ পি বি এনৰ গুণেন্দ্ৰ ডেকাক গুৱাহাটীৰ এ ডি চি পি (চি) পদলৈ, কৰিমগঞ্জৰ ১৫ নং এ পি(আই আৰ) বিএনৰ সুমন চক্ৰৱৰ্তীক হোজাইৰ এ এচ পিৰ মুখ্যকাৰ্য্যালয়লৈ বদলি কৰা হৈছে।

গুৱাহাটীৰ এ ডি চি পি ৰ’জী কলিতাক নগাঁৱৰ এ এচ পিৰ মুখ্য কাৰ্য্যলয়লৈ, গুৱাহাটীৰ এ ডি চি পি সুভাশিস বৰুৱাক মৰিগাঁৱৰ এ এচ পি মুখ্যকাৰ্য্যালয়লৈ, গুৱাহাটীৰ এ ডি চি পি পণজিৎ দুৱাৰাক এ ডি চি পি (এডমিন) হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হৈছে। কৰিমগঞ্জৰ মুখ্যকাৰ্য্যালয়ৰ এ এচ পি ইনম শইকীয়াক তিতাবৰৰ তিতাবৰৰ তৃতীয় এ পি বি এনৰ ভাৰপ্ৰাপ্ত হিচাপে বদলি কৰা হয়। নগাঁৱৰ এ এচ পি (এচ) চিত্ৰেন কুমাৰ গগৈক এ ডি চি পি(কেপিটেল কমপ্লেক্স) ৰ দায়িত্ব দিয়া হয়। আনহাতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা এ এচ পিৰ পদৰ বাবে মান্দাকাটা চি ডি অ’ বিএনৰ বিকাশ বড়োক দায়িত্বভাৰ অৰ্পন কৰা হয়। দৰঙৰ এ এচ পি(বি) পুৰবী মজুমদাৰক অভয়াপুৰীৰ ৮ নং এ পি বি এনৰ ভাৰপ্ৰাপ্ত অধীক্ষক, তিনিচুকীয়াৰ এ এচ পি(এচ) সৌৰভ জ্যোতি শইকীয়াক চৰাইদেউৰ এ এচ পি (এচ) পদলি কৰা হয়।

The post অসম আৰক্ষীত ব্যাপক ৰদ বদল appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2SqQ6Xv
via IFTTT

Comments