অসম জাতীয় বিদ্যালয়ৰ নিষ্ঠাবান কৰ্মচাৰী খুদিৰাম চাংমাৰ মৃত্যুত শোক

ডিজিটেল ডেস্কঃ অসম জাতীয় বিদ্যালয়ৰ প্ৰতিস্থা কালৰে পৰা বিদ্যুৎকৰ্মী হিচাপে নিষ্ঠাৰে সুদীৰ্ঘ ২৫ বছৰ সেৱা আগবঢ়োৱা খুদিৰাম চাংমাৰ বুধবাৰে বিয়লি ২.৪৫ বজাত ৪২ বছৰ বয়সত মৃত্যু হয়। নিউ গুৱাহাটী গনেশ মন্দিৰ পথৰ ১২ নম্বৰ উপ পথৰ ভাড়াতীয়া হিচাপে থাকি জাতীয় বিদ্যালয়ৰ চাকৰি কৰা খুদিৰাম চাংমাই কৰ্কট ৰোগত আক্ৰান্ত হৈ বি বৰুৱা কেন্সাৰ প্ৰতিস্থানৰ অধীনত চিকিৎসা লৈ আছিল যদিও শাৰিৰীক অৱস্থা অধিক অৱনতী ঘটাত কিছুদিন পূৰ্বে ঘৰলৈ অনা হয় আৰু বূুধবাৰে মৃত্যু হয়।
খ্ৰীষ্টান ধৰ্মাৱলম্বী খুদিৰামৰ প্ৰকৃত ঘৰ গোৱালপাৰাত যদিও তেওঁ ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ পৰা হিন্দু ধৰ্মাৱলম্বী ছোৱালী বিয়া কৰাইছিল। এনে অৱস্থাত তেওঁৰ অন্তিম সৎকাৰক লৈ সৃষ্টি হয় সমস্যাৰ। ষষ্ঠ শ্ৰেনীত পঢ়ি থকা কন্যা আৰু পত্নীক এৰি থৈ যোৱা খুদিৰাম চাংমাইয়ে মৃত্যুৰ পূৰ্বে মৃতদেহ হিন্দু প্ৰথা মতে সৎকাৰৰ কথা কৈ গৈছে। সেয়েহে বিদ্যালয়ক কৰ্তৃপক্ষৰ লগতে অমায়িক খুদিৰামক ভালপোৱা অভিভাৱক তথা শিক্ষাৰ্থী সকলো বিমূৰত পৰে। এনে অৱস্থাত সকলোৱে ১২ নম্বৰ উপ পথৰ ভাড়াঘৰতে মৃতদেহ লৈ গোৱাৰ পৰা আহি থকা পৰিয়ালৰ বাবে অপেক্ষা কৰে।
ইয়াৰ পিছতে পৰিয়ালৰ কথা মতে নিশা ৭.৩০ বজাত নৱগ্ৰহত তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হয়। উল্লেখ্য যে, তেওঁক নৱগ্ৰহলৈ নিয়াৰ পূৰ্বে জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে শেষ শ্ৰদ্ধা জনাই।
The post অসম জাতীয় বিদ্যালয়ৰ নিষ্ঠাবান কৰ্মচাৰী খুদিৰাম চাংমাৰ মৃত্যুত শোক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SrpC8h
via IFTTT
Comments
Post a Comment