উত্তৰ-পূৰ্বাঞ্চলত কমেও ২২ খন আসনত জয়লাভৰ চেষ্টা চলাব কংগ্ৰেছেঃ ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে আগন্তক লোকসভা নিৰ্বাচনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মুঠ ২৫ খন আসনৰ ২০ খনতেই জয়লাভ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰি বুধবাৰে তেওঁ কয় যে আগন্তুক লোকসবা নিৰ্বাচনত কংগ্ৰেছৰ জয় কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে।

ৰাহুল গান্ধীয়ে লগতে কংগ্ৰেছৰ বাবে ৰণনীতি প্ৰস্তুত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ প্ৰতিখন জিলা কংগ্ৰেছ আৰু খণ্ড কংগ্ৰেছৰ নেতৃত্বত থকা নেতাসকলক লোকসভা নিৰ্বাচনক লৈ জোৰদাৰ প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিছে। বিশেষকৈ এইবাৰ কংগ্ৰেছে তিনিটা প্ৰধান বিষয়ক লৈ শাসকীয় দলৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাব। সেই কেইটা হৈছে নিবনুৱা সমস্যা, কৃষকৰ সমস্যা আৰু দুৰ্নীতি।

তেওঁ কয়, ‘২০১৯ৰ লোকসভা নিৰ্বাচন কংগ্ৰেছেই জয়লাভ কৰিব। এয়াই বাস্তৱ আৰু ইয়াৰ কোনেও বাধা দিব নোৱাৰে। মই উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ২০ খনৰ অধিক আসন আশা কৰিছো। কিন্তু আমি অতি কমেও ২২ খন আসনত জয়লাভৰ বাবে চেষ্টা চলাম।’

উল্লেখ্য যে, ২০১৪ চনত কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুঠ ২৫ খন আসনৰ ৮ খনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰে ভিতৰত অসমত ৩ খন, মণিপুৰত ২ খন, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামত এখন আসন কংগ্ৰেছ দখল কৰিছিল।

The post উত্তৰ-পূৰ্বাঞ্চলত কমেও ২২ খন আসনত জয়লাভৰ চেষ্টা চলাব কংগ্ৰেছেঃ ৰাহুল গান্ধী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VouoFo
via IFTTT

Comments