জনজাতি ৰাজ্য বুলি সংবিধানত কোনো কথা নাইঃ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে হোহোকা পিছলা নীতি গ্ৰহণ কৰাৰ সময়তে মন্ত্ৰী উপগোটে জনজাতিকৰণক লৈ মঙলবাৰৰ নিশা নাথ যোগী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, সুত ছাত্ৰ সন্থা আদিকে ধৰি কেবাটাও সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে অসম সচিবালয়ৰ এফ ব্লকত ৰুদ্ধধাৰ বৈঠকত মিলিত হয়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত বৈঠকত মন্ত্ৰী ক্ৰমে চন্দন ব্ৰহ্ম, পল্লৱ লোচন দাস, নৱ দলে, সাংসদ আৰ পি শৰ্মা উপস্থিত থাকে।

 

উক্ত ৰুদ্ধদ্বাৰ বৈঠকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যিহেতু নীতি নিয়মৰ ভিতৰত চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সিদ্ধান্ত লৈ ৰাজ্যসভাত সংশোধনী বিল উত্থাপন কৰিছে আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙে পূৰ্বৰ জনজাতিসকলৰ ক্ষয় ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে মত প্ৰকাশ কৰিছে সেয়েহে পূৰ্বৰ জনজাতিসকলৰ ১০ শতাংশ সংৰক্ষণ অটুট ৰাখিবলৈ বৰ্তমানৰ অন্যান্য পিছপৰা শ্ৰেণীৰ ২৭ শতাংশ সংৰক্ষণৰ পৰা ১৫-২০ শতাংশ নতুনকৈ হ’ব লগা জনজাতিসকলক দিলে বৰ্তমানৰ অন্যান্য পিছপৰা শ্ৰেণীৰ অধিকাৰ নোহোৱা হ’ব নেকি তাৰ সন্দৰ্ভত আলোচনা আৰু সমাধান সূত্ৰ উলিওৱাৰ বাবেই বৈঠকখন আহ্বান কৰা হৈছে বুলি জানিব পৰা গৈছে।

তদুপৰি হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানৰ অবিচি তালিকাভুক্ত সকলৰ প্ৰকৃত জনসংখ্যা আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত লিখিত বাখ্যা আগবঢ়াবলৈ সংগঠনসমুহক পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উক্ত মন্তব্যৰ পিছতে সভাগৃহত উপস্থিত থকা দল সংগঠনৰ প্ৰতিনিধিৰ মাজত বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰেম তামাঙে অবিচিৰ পৰা এটা শতাংশ কাটি নি নতুনকৈ হ’বলগীয়া ছয় জনগোষ্ঠীক দি মুকলি আসনসমূহ জনজাতিৰ বাবে সংৰক্ষণ কৰিলে গোৰ্খাই ৰাজনীতিত প্ৰতিনিধিত্ব হেৰুওৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰি বিষয়টো সন্দৰ্ভত বিস্তাৰিত আলোচনাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে।

আনহাতে নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক সমৰ্থন কৰি নাথ যোগীকো জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ আগত অৰবিন্দ নাথে কয় যে, যদিহে চৰকাৰে অবিচিৰ তালিকাভুক্ত জনগোষ্ঠীক জনজাতিকৰণৰ নামত অবিচিৰ সংৰক্ষণৰ কোটা কাটি নিব পাৰে তেনেহলে নাথ যোগী জনগোষ্ঠীয়ে ভোগ কৰি থকা অবিচিৰ সংৰক্ষণৰ শতাংশ কাটি নি জনজাতিকৰণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে। আনহাতে প্ৰায় সকলো দল সংগঠনেই অসমক জনজাতি ৰাজ্য হিচাপে গঠনৰ মতপ্ৰকাশ কৰাত হিমন্ত বিশ্ব শৰ্মাই জনজাতি ৰাজ্য বুলি সংবিধানত কোনো কথা নাই বুলি উল্লেখ কৰিছে। ইফালে নাথ যোগী ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই নাথ যোগীৰ সমস্যা সন্দৰ্ভত চৰকাৰে আলোচনাত বহিব বুলি উল্লেখ কৰে। অসম সচিবালয়ৰ মঙলবাৰৰ বৈঠকত আইজিপি হীৰেন নাথকে ধৰি আন বহু বিষয়াও উপস্থিত আছিল এই বৈঠকৰ সময়ত।

The post জনজাতি ৰাজ্য বুলি সংবিধানত কোনো কথা নাইঃ হিমন্ত বিশ্ব শৰ্মা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EiRLJr
via IFTTT

Comments