ওদালগুৰি প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বীপত লায়ন্স ক্লাৱ চুড়ান্ত বিজয়ী…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বীপত ওদালগুৰি লায়ন্স ক্লাৱে ওদালগুৰি টাউন স্পৰ্টছ ক্লাৱত ১০৬ ৰানৰ ৱ্যৱধানত পৰাজিত কৰি চেম্পিয়নশ্বীপৰ সন্মান লাভ কৰে। প্ৰথমে বেট ধৰি লায়ন্স ক্লাৱে নিৰ্দিষ্ট ৩০ অভাৰত ৯ উইকেটত ১৪৮ ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক প্ৰাচুৰ্য দাসে ৩২ ৰান আৰু কুণাাল দাসে ২৮ ৰান সংগ্ৰহ কৰে।

ওদালগুৰি টাউন স্পৰ্টচ্ ক্লাৱৰ হৈ হেমন্ত বড়োৱে তিনিটা উইকেট লাভ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বিজিত টাউন স্পৰ্টচ ক্লাৱে ১৫.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৪২ ৰান সংগ্ৰহ কৰিবলৈহে সক্ষম হয়। লায়ন্স ক্লাৱৰ হৈ প্ৰাচুৰ্য্য দাস আৰু প্ৰাঞ্জল দত্তই তিনিটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে টাউন স্পৰ্টচ্ ক্লাৱৰ হেমন্ত বড়োৱে।

The post ওদালগুৰি প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বীপত লায়ন্স ক্লাৱ চুড়ান্ত বিজয়ী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EpcZp4
via IFTTT

Comments