ভাৰতত প্ৰৱেশ কৰা পাক যুদ্ধ বিমান ভূপতিত | দিল্লীত ৰাজনাথ সিঙৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক
তিনি সেনা প্ৰধানে সাক্ষাৎ কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীক
সন্ধানহীন পাইলটসহ ভাৰতীয় যুদ্ধ বিমান মিগ-২১
বিশেষ প্ৰতিবেদন, নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰী :
ভাৰত-পাকিস্তান সীমান্তত চলিছে যুদ্ধৰ দামামা। যিকোনো মুহূৰ্ততে সংঘটিত হ’ব পাৰে ভাৰত-পাকিস্তানৰ মাজত ভয়াৱহ যুদ্ধ। জম্মুৰ পুলৱামা কাণ্ডৰ পিছতেই দুই ৰাষ্ট্ৰৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ চলিছে। মূলতঃ ভাৰত-পাক সীমান্তত দুয়োখন ৰাষ্ট্ৰই সামৰিক সজ্জা গঢ়ি তুলিছে। তুংগত উঠিছে যুদ্ধৰ আখৰা। কালি ভাৰতীয় বায়ুসেনাই পাক সীমান্তত সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ তিনিটাকৈ ঘাটি বোমাৰে উৰুৱাই দিয়াৰ লগতে প্ৰায় তিনিশ কেডাৰক হত্যা কৰাৰ পিছতেই আজি ভাৰতত প্ৰৱেশ কৰা পাকিস্তানৰ যুদ্ধবিমান এখন গুলীয়াই ভস্মীভূত কৰে ভাৰতীয় সেনাই। সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত ভাৰতীয় সেনাই চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছতেই আজি পুৱাৰ ভাগত পাকিস্তানৰ তিনিখনকৈ যুদ্ধবিমান এফ-১৬ ভাৰতত প্ৰৱেশ কৰি সেনাৰ ছাউনীত আক্ৰমণৰ পৰিকল্পনা কৰে। কিন্তু পূৰ্বৰে পৰাই সষ্টম হৈ থকা ভাৰতীয় বায়ুসেনাই পাক যুদ্ধবিমানৰ চেষ্টা বিফল কৰি ওভতাই পঠিয়াবলৈ চেষ্টা কৰে। যুদ্ধবিৰতি চুক্তি উলংঘা কৰি ভাৰতৰ আকাশত প্ৰৱেশ কৰা পাকিস্তানৰ তিনিখনকৈ যুদ্ধবিমান এফ-১৬ত ভাৰতীয় বায়ুসেনাই মিগ-২১ যুদ্ধবিমানেৰে আক্ৰমণ চলায়। ফলত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ এখন যুদ্ধবিমান গুলীয়াই ভূপতিত কৰিবলৈ সক্ষম হয়। পাক ভূখণ্ডৰ তিনি কিলোমিটাৰৰ ভিতৰত নৈচেৰা ছেক্টৰত ভূপতিত হয় পাকিস্তানী বিমান এফ-১৬। সেই সময়ত উক্ত বিমানৰ পৰা পেৰাছুটেৰে এজন পাইলট নমাৰ দৃশ্য একাংশই প্ৰত্যক্ষ কৰিছিল। আজি এক সংবাদমেলত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে এই কথা জানিবলৈ দিয়ে। তেওঁ লগতে আৰু কয় যে পাকিস্তানী যুদ্ধবিমান ভাৰতত প্ৰৱেশ কৰাৰ সময়ত চলোৱা আক্ৰমণৰ কালছোৱাত ভাৰতৰ এখন মিগ-২১ যুদ্ধবিমান সন্ধানহীন হৈ আছে। কেৱল এয়াই নহয়, উক্ত যুদ্ধবিমানৰ পাইলট এজেনা নিৰুদ্দেশ হৈ আছে। মন কৰিবলগীয়া যে পাক সীমান্ত অতিক্ৰম কৰা ভাৰতীয় বায়ুসেনাৰ দুখনকৈ যুদ্ধবিমান পাকিস্তানী সেনাই ধবংস কৰিছে বুলি পাকিস্তানৰ মেজৰ জেনেৰেল আছিফ গফুৰে দাবী কৰে। পাকিস্তানৰ মেজৰ জেনেৰেল গফুৰে এইবুলিও দাবী কৰে যে সীমান্ত অতিক্ৰম কৰি পাকিস্তানৰ আকাশলৈ অহা ভাৰতীয় বায়ুসেনাৰ দুখন যুদ্ধবিমান গুলীয়াই ভূপতিত কৰা হৈছে। উক্ত যুদ্ধবিমানৰ দুজন পাইলটক গ্ৰেপ্তাৰ কৰি পাকিস্তানৰ জিম্মাত ৰখা হৈছে বুলিও পাকিস্তানে দাবী কৰিছে। পাকিস্তানৰ জিম্মাত থকা পাইলট দুজনৰ এজন বৰ্তমান চিকিৎসাধীন হৈ আছে বুলিও দাবী কৰে। পাকিস্তানৰ উক্ত দাবী সন্দৰ্ভত আজি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে বিষয়টোৰ সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে। সংবাদমেলত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে আৰু কয় যে ভাৰতত ভয়াৱহ আত্মঘাতী আক্ৰমণ সংঘটিত কৰাৰ ভয়াৱহ পৰিকল্পনা ৰচনা কৰিছিল সন্ত্ৰাসসবাদী সংগঠন জৈছ-ই-মহম্মদে। এক সু-নিৰ্দিষ্ট তথ্যৰ ভিত্তিতে কালি ভাৰতীয় সেনাই পাকিস্তান সীমান্তত থকা সন্ত্ৰাসবাদীৰ তিনিটাকৈ প্ৰশিক্ষণ শিবিৰ বোমাৰে উৰুৱাই দিয়ে। উক্ত আক্ৰমণৰ ঘটনাত প্ৰায় তিনিশ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য নিহত হোৱা বুলি সন্দেহ কৰা হৈছে। সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত এনেদৰে ভাৰতীয় সেনাৰ অতৰ্কিত আক্ৰমণৰ পিছতে পাকিস্তানে আক্ৰমণৰ লক্ষ্য কৰিছিল। সেই অনুসৰি আজি পাকিস্তানৰ তিনিখনকৈ যুদ্ধবিমান ভাৰতৰ আকাশত প্ৰৱেশ কৰি সেনাৰ ছাউনীত আক্ৰমণৰ লক্ষ্য কৰিছিল। কিন্তু পাকিস্তানৰ উক্ত পৰিকল্পনা ব্যৰ্থ কৰি এখন যুদ্ধবিমান গুলীয়াই ভূপতিত কৰা হয় বুলি বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ কুমাৰে জানিবলৈ দিয়ে। ইপিনে চিৰবৈৰী দুই ৰাষ্ট্ৰৰ মাজত ভয়াৱহ যুদ্ধৰ আশংকা কৰি ইতিমধ্যে দুয়োখন ৰাষ্ট্ৰতে বিমান চলাচলৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ভাৰতৰ কে’বাটাও বিমানবন্দৰ বন্ধ কৰি দিয়াৰ লগতে পাকিস্তানলৈ চলাচল কৰা বিমান সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে। জম্মু, পাঠানকোট, ছত্তীসগড় বিমানবন্দৰ বন্ধ কৰি দিয়াৰ লগতে পাকিস্তানে পাঁচটা বিমানবন্দৰ বন্ধ কৰি ৰাখিছে। ইছলামাবাদ, লাহোৰ, মূলতান বিমানবন্দৰ বন্ধ কৰাৰ লগতে ভাৰতলৈ চলাচল কৰা বিমান বাতিল কৰিছে। আনহাতে পাকিস্তানে যিকোনো মুহূৰ্ততে আক্ৰমণ কৰিব পাৰে বুলি আশংকা কৰি ভাৰতৰ প্ৰতিটো বিমানবন্দৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। প্ৰতিটো বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে সীমান্তত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। স্থলপথ, জলপথ আৰু আকাশমাৰ্গেৰে সকলো পৰ্যবেক্ষণ কৰি থকা হৈছে। পাকিস্তানী সেনাৰ গতিবিধি সন্দৰ্ভত সকলো সময়তে তীক্ষ® নজৰ ৰাখিছে ভাৰতীয় সেনাই। স্থল, জল আৰু বায়ুসেনাৰ মুৰববীয়ে আজি প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি বিষয়টোৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। পাকিস্তানে কেনেদৰে ভাৰতত আক্ৰমণ চলাব পাৰে আৰু ভাৰতে কিদৰে প্ৰতিহত কৰিব সেই সন্দৰ্ভত আজিৰ বৈঠকত ৰণনীতি প্ৰস্তুত কৰা হয়। কেৱল এয়াই নহয়, ভাৰত-পাকিস্তানৰ যুদ্ধৰ আশংকা কৰি নতুন দিল্লীত এখনৰ পিছত এখনকৈ অনুষ্ঠিত হৈছে উচ্চস্তৰীয় বৈঠক। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হয় শেহতীয়া পৰিস্থিতি সন্দৰ্ভত উচ্চস্তৰীয় বৈঠক। উক্ত বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, ‘ৰ’ৰ মুৰববীৰ লগতে চিআৰপিএফ, বিএফএফ, আইভিৰ সকলো উচ্চস্তৰীয় বিষয়া উপস্থিত থাকি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। সন্ত্ৰাসবাদী সংগঠনৰ তিনিখনকৈ প্ৰশিক্ষণ শিবিৰ ভাৰতীয় সেনাই ধবংস কৰাৰ পিছতেই পাকিস্তানে যিকোনো মুহূৰ্ততে আক্ৰমণ চলাব পাৰে বুলি আশংকা কৰি আজিৰ উচ্চস্তৰীয় বৈঠকত কে’বাটাও ব্লু-প্ৰিণ্ট ৰচনা কৰা হয়। মূলতঃ পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিবলৈ সষ্টম হৈ আছে ভাৰতীয় সেনা।
The post ভাৰতত প্ৰৱেশ কৰা পাক যুদ্ধ বিমান ভূপতিত | দিল্লীত ৰাজনাথ সিঙৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2IDm6Ih
via IFTTT
Comments
Post a Comment