সৌভাগ্যৰ বাবে মুদ্ৰা দলিয়াই ১৪ লাখৰো অধিক টকাৰ লোকচান বিমান যাত্ৰীৰ…

ডিজিটেল ডেস্কঃ সৌভাগ্যৰ বাবে মুদ্ৰা ওপৰলৈ দলিওৱাটো চীনত প্ৰচলিত এক পৰম্পৰা। কিন্তু এইবাৰ সৌভাগ্যৰ সলনি এজন ব্যক্তিৰ দুৰ্ভাগ্যহে নামি আহিল। মুদ্ৰা ওপৰলৈ দলিওৱাৰ পাছতেই লোকজনৰ প্ৰায় ১৪লাখ ২০ হাজাৰ টকাৰ লোকচান হয়। বিমান বহাৰ পাছত চীনৰ ব্যক্তিজনে মুদ্ৰা ওপৰলৈ দলিওৱাৰ পাছতে মুদ্ৰাটো গৈ বিমানখনৰ ইঞ্জিনত সোমাই যায়। যাৰ ফলত বিমান উৰণ বাতিল কৰাৰ লগতে লোকজনৰ ১৪লাখ ২০ হাজাৰ টকাৰ লোকচান হয়।

এক সূত্ৰ অনুসৰি, যোৱা ১৭ ফেব্ৰুৱাৰীত চীনৰ অঞ্জিকিং তিয়ানঝুশ্বান বিমানবন্দৰত সংঘটিত হয় এই ঘটনা। যিখন বিমানত এই ঘটনা সংঘটিত হয় সেই বিমানখনৰ নাম ‘লাকী এয়াৰ ফ্লাইট ৮এল৯৯৬০’।

উল্লেখ্য যে, বিমানখন উৰণৰ পূৰ্বে যান্ত্ৰিক বিজুতিৰ কথা জানিব পাৰি ছিকিউৰিটী ৱৰ্কাৰ্ছে চোৱাচিতা কৰে। আৰু বিমানখনৰ বাওঁফালৰ ইঞ্জিনটোৰ ভিতৰৰ পৰা দুটাকৈ মুদ্ৰা উলিয়াই। তাৰপাছত বিমানৰ ইঞ্জিনৰ ভিতৰত কেনেকৈ মুদ্ৰা দুটা সোমাল তাৰ তদন্ত চলোৱাত জানিব পৰা যায় প্ৰকৃত কথাটো। বিমানখনত যাত্ৰা কৰিবলগা ২৮ বছৰীয়া এজন যাত্ৰীয়ে দলিয়াইছিল এই মুদ্ৰা দুটা।

ছিকিউৰিটি ৱৰ্কাৰ্ছে ইঞ্জিনৰ পৰা মুদ্ৰা উলিয়াই যদিও, বিমানখনৰ উৰণ বাতিল কৰা হয়। ইফালে, বিমানখনৰ ১৬২জন যাত্ৰীক অন্য এখন বিমানৰ দ্বাৰা যাত্ৰা কৰাৰ সুবিধা কৰি দিয়া হয়। ইয়াৰ ফলত এয়াৰলাইনৰ কেইবা লাখ টকাৰ লোকচান হোৱাৰ লগতে ২৮ বছৰীয়া যাত্ৰীজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়।

লক্ষণীয় যে, চীনত এনেধৰণৰ এইটোৱে প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও ২০১৭চনত এগৰাকী ৮০ বছৰীয়া যাত্ৰীয়ে ছাংঘাইৰ পৰা বিমান উৰণ বাতিল কৰিবলৈ ইঞ্জিনৰ ভিতৰত ৯টাকৈ মুদ্ৰা দলিয়াইছিল। আৰু সেই বৰ্ষতেই এগৰাকী ৭৬ বছৰীয়া বৃদ্ধাই লাকী এয়াৰ ফ্লাইটৰ ইঞ্জিনত মুদ্ৰা দলিয়াইছিল বুলি জানিব পৰা গৈছে।

The post সৌভাগ্যৰ বাবে মুদ্ৰা দলিয়াই ১৪ লাখৰো অধিক টকাৰ লোকচান বিমান যাত্ৰীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IDZbfL
via IFTTT

Comments