বিশিষ্ট সমাজকর্মী, শিক্ষাবিদ তথা জ্যেষ্ঠ সাংবাদিক ৰেৱতীমোহন বৰঠাকুৰৰ বিয়োগ

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ বিশিষ্ট সমাজকর্মী, শিক্ষাবিদ তথা জ্যেষ্ঠ সাংবাদিক ৰেৱতীমোহন বৰঠাকুৰৰ বিয়োগ। বৰঠাকুৰে বুধবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত উচ্চ ৰক্তচাপজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। বৰঠাকুৰে মৃত্যুৰ আগমুহূৰ্তলৈকে কামপুৰৰ সমাজিক কাম কাজত যথেষ্ঠ পৰিমানে অৰিহণা যোগাইছিল। বৈঠালাংচু উচ্চতৰ মাধ্যমিকত শিক্ষকতা আৰম্ভ কৰি এটা সময়ত বিদ্যালয়খনৰ অধ্যক্ষ পদ অলংকৃত কৰা বৰঠাকুৰে আৰু ডিফুৰ এখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহন কৰে।

বৰঠাকুৰে দুয়োটা অঞ্চলৰ শৈক্ষিক উন্নতিৰ বাবে যথেষ্টখিনি কাম কৰি গৈছে। বৰঠাকুৰ কামপুৰৰ এজন জ্যেষ্ঠ সাংবাদিক। “আছাম ট্ৰিবিউন” কাকতত কামপুৰৰ সংবাদদাতা হিচাপে নিয়োজিত আছিল বৰঠাকুৰ। তেখেতৰ মৃত্যুত সমগ্ৰ কামপুৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিভূতি ভূষণ বৰঠাকুৰৰ পিতৃ ৰেৱতীমোহন বৰঠাকুৰ মৃত্যুত কামপুৰ উন্নতি সাধনি সভা, কামপুৰ জেষ্ঠ্য নাগৰিক সন্থা, কামপুৰ সাংবাদিক সন্থা, কামপুৰ প্রেছ ক্লাবকে আদি কৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।৭৯ বছৰীয়া ৰেৱতি মোহন বৰঠাকুৰে মৃত্যুৰ সময়ত নিজ পত্নিৰ লগতে দুই পুত্ৰ আৰু এগৰাকী কণ্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে।

The post বিশিষ্ট সমাজকর্মী, শিক্ষাবিদ তথা জ্যেষ্ঠ সাংবাদিক ৰেৱতীমোহন বৰঠাকুৰৰ বিয়োগ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GPv6bE
via IFTTT

Comments