ভাৰত-পাকিস্তানৰ সংঘাত, LIVE UPDATES

দিনৰ ৩.২৮ বজাতঃ বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তা ৰৱীশ কুমাৰে কয়- ‘পাকিস্তানে ভাৰতীয় সেনাৰ শিবিৰসমূহক লক্ষ্য কৰিছিল। কিন্তু ভাৰতে পাকিস্তানৰ এখন যুঁজাৰু বিমান ভূপতিত কৰে। আমাৰ এখন মিগ-২১ বিমান ধ্বংস কৰে। ভাৰতীয় বায়ু সেনাৰ এজন পাইলটো সন্ধানহীন হৈ আছে। পাকিস্তানে দাবী কৰিছে যে, আমাৰ পাইলটজন তেওঁলোকৰ জিম্মাত আছে।‘

দিনৰ ৩.০৪ বজাতঃ এক সূত্ৰ অনুসৰি, দিল্লীৰ উত্তৰ অংশৰ সকলো বিমান বন্দৰ খালী কৰি দিয়া হৈছে। এজন উচ্চপদস্থ বিষয়াই জনোৱা মতে, ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাময় পৰিৱেশলৈ লক্ষ্য ৰাখি নতুন দিল্লীৰ ওপৰেৰে উৰিবলগীয়া সকলো বিমান উৰণ বাতিল কৰা হৈছে।

দিনৰ ২.২০ বজাতঃ এক সূত্ৰ অনুসৰি, চীনৰ বিদেশ মন্ত্ৰণালয়ে ভাৰত আৰু পাকিস্তানক পুনৰ ধৈৰ্য্য ধৰিবলৈ আহ্বান জনায়।

দিনৰ ১.২৩ বজাতঃ সন্ত্ৰাসবাদী শিবিৰত ভাৰতৰ এয়াৰ ষ্ট্ৰাইক সন্দৰ্ভত বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ মন্তব্য। মন্ত্ৰীগৰাকীয়ে কয়- ‘আমেৰিকাই যদি লাডেনক মাৰিব পাৰে, তেন্তে সকলো সম্ভৱ।‘

দিনৰ ১.১৮ বজাতঃ দিল্লী বিমান বন্দৰৰ পৰা পাকিস্তান অভিমুখে উৰিবলগীয়া সকলো বিমানৰ উৰণ বাতিল কৰা হৈছে। জম্মু আৰু শ্ৰীনগৰলৈ উৰিবলগীয়া কেইখন মান ৰাষ্ট্ৰীয় বিমানৰ উৰণো বাতিল কৰা হৈছে।

দিনৰ ১২.৫২ বজাতঃ ভাৰতে পাকিস্তানৰ দাবীক খাৰিজ কৰে। যি দাবীত পাকিস্তানে ভাৰতীয়া বায়ু সেনাৰ দুখন বিমান ভূপতিত কৰা আৰু এজন পাইলটক গ্ৰেপ্তাৰ কৰাৰ কথা কয়। ভাৰতে কয় যে, আমাৰ বায়ু সেনাৰ কোনো পাইলট সন্ধানহীন হোৱা নাই।

দিনৰ ১২.৪০ বজাতঃ পাকিস্তানে লাহোৰ, মুলতান, ফেচলাবাদ, চিয়ালকোট আৰু ইছলামাবাদ বিমান বন্দৰৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ বাতিল কৰে।

দিনৰ ১২.৩০ বজাতঃ পাকিস্তান চৰকাৰে দাবী কৰে- ‘আজি আমি পাকিস্তানী সীমাত থাকিলেই নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰলৈ আক্ৰমণ কৰিছো। এয়া প্ৰতিশোধ নহয়। আমি কেৱল এয়া দেখুৱাব বিচাৰিছো যে, আমি আত্মৰক্ষা কৰিবলৈ সক্ষম।‘

দিনৰ ১২.২৫ বজাতঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত গৃহ মন্ত্ৰণালয়ৰ এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত। বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে উপস্থিত এন এছ এ অজিত ডোভাল, গৃহ সচিব আৰু অন্যান্য বহু কেইজন বিষয়া।

দিনৰ ১২.১৩ বজাতঃ ভাৰতীয় সেনাই ভূপতিত কৰে পাকিস্তানী যুঁজাৰু বিমান এফ-১৬।

দিনৰ ১২.১১ বজাতঃ এক সূত্ৰ অনুসৰি, জম্মু, শ্ৰীনগৰ, লেহ, ছণ্ডীগড়, অমৃতসৰ বিমান বন্দৰত অৱতৰণ কৰিবলগীয়া সকলো বিমান বাতিল।

পুৱা ১১.৩৯ বজাতঃ জম্মু-কাশ্মীৰৰ বুডগামত বায়ুসেনাৰ হেলিকপ্টাৰ ভূপতিত। ঘটনাস্থলীৰ পৰা উদ্ধাৰ দুটা মৃতদেহ।

পুৱা ১১.২৬ বজাতঃ বডগামৰ ক্ৰেছ ছাইটত এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে- ‘সেইখন যুঁজাৰু বিমান আছিল।‘

পুৱা ১১.২৫ বজাতঃ জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজাৱৰী ছেক্টৰত পাকিস্তানী যুঁজাৰু বিমানে ভাৰতৰ বায়ু সীমাত প্ৰৱেশ কৰে।

পুৱা ১০.৩৬ বজাতঃ পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰে। জম্মু-কাশ্মীৰৰ উৰিস্থিত কেম্পত ধাৰাসাৰ গুলীবৰ্ষণ কৰে পাক সেনাই।

পুৱা ১০.২৯ বজাতঃ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে কয়- ‘সন্ত্ৰাসবাদী আক্ৰমণটো জেইছ-ই-মহম্মদ আৰু সংগঠনটোৰ নেতা কেইজনক ক্ষমা কৰা আৰু সমৰ্থন কৰাৰ পৰিণাম। পুলৱামা ঘটনাৰ পাছত সমগ্ৰ বিশ্বই এই ঘটনাক ধিক্কাৰ জনায়।‘

পুৱা ১০.২৭ বজাতঃ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে চীনৰ বিদেশ মন্ত্ৰী বাং উইৰ সৈতে মিলিত হৈ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিষয়টো উত্তাপন কৰে। ৰুছ-ভাৰত-চীনৰ বিদেশ মন্ত্ৰী কেইগৰাকীৰ মাজত অনুষ্ঠিত বৈঠকৰ সময়ত মন্ত্ৰী সুষমা স্বৰাজে কয়- ‘মই এনে সময়ত চীনলৈ আহিছো, যি সময়ত দেশবাসী ক্ষোভিত হৈ আছে আৰু উত্তেজনাময় পৰিৱেশ বিৰাজ কৰিছে দেশত। এয়া জম্মু-কাশ্মীৰত সুৰক্ষা বলৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ আক্ৰমণ।‘ লগতে তেওঁ কয়- ‘এই আক্ৰমণ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে সংঘটিত কৰে।‘

পুৱা ১০.২২ বজাতঃ আমেৰিকাই ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন দেশক ধৈৰ্য্য ৰাখিবলৈ আহ্বান জনায়। আমেৰিকাই পাকিস্তানক সন্ত্ৰাসবাদী সংগঠনৰসমূহৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিবলৈ কয়। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ’ই দুয়োখন দেশক বিদেশ মন্ত্ৰীৰ সৈতে এক আলোচনাৰ পাছত কয় যে- আমি ভাৰত আৰু পাকিস্তানক ধৈৰ্য্য ধৰিবলৈ আৰু যিকোনো মূল্যৰ বিনিময়ত উত্তেজনাময় পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছো।

পুৱা ৯.৫৮ বজাতঃ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন, ভাৰতীয় সেনা প্ৰধান বিপিন ৰাৱাট,স বায়ু সেনা প্ৰধান এয়াৰ চীফ মাৰ্চেল বীৰেন্দ্ৰ সিং ধনোৱা তথা নৌসেনা প্ৰধান এডমিৰল সুনীল লাম্বাই সশস্ত্ৰ সেনাৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱসমূহৰ ওপৰত আলোচনা কৰিবলৈ বহিব এক বৈঠকত।

পুৱা ৭.৪২ বজাতঃ জম্মু-কাশ্মীৰৰ শ্বপিয়াত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত। সংঘৰ্ষস্থলীত দুটা জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ আশংকা।

পুৱা ৭.০৫ বজাতঃ ভাৰতীয় বায়ু সেনাৰ অভিয়ানত মিৰাজ-২০০০ উপৰিও ডিআৰডিঅৰ দ্বাৰা নিৰ্মাণ কৰা মিনি অৱাক্সো ব্যৱহাৰ কৰা হৈছিল। যি ২০০ কিঃমিঃৰ ভিতৰত সংঘটিত যিকোনো কাৰ্যৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব পাৰে। লগতে আকাশত ইন্ধন ভৰাব পৰা এয়াৰ টু এয়াৰ ৰিফিউলো আছিল। কাৰগিল যুদ্ধৰ সময়তো মিৰাজ যুঁজাৰু বিমানখনে এল অ চি অতিক্ৰম নকৰাকৈয়ে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ শিবিৰ সমূহ ধ্বংস কৰিছিল।

পুৱা ৭.০৪ বজাতঃ ভাৰতীয় বায়ু সেনাই এল অ’ চি অতিক্ৰম কৰি পাকিস্তানৰ জেইছ-ই-মহম্মদৰ শিবিৰত ১০০০ কিঃগ্ৰাঃ বোমা নিক্ষেপ কৰিছিল। ২৬ ফেব্ৰুৱাৰীৰ পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ভাৰতীয় বায়ু সেনাই চলাইছিল এই ছাৰ্জিকেল ষ্ট্ৰাইক-২। বায়ু সেনাৰ মিৰাজ-২০০০ যুঁজাৰু বিমান ব্যৱহাৰ কৰা হৈছিল ছাৰ্কিলে ষ্ট্ৰাইকত।

The post ভাৰত-পাকিস্তানৰ সংঘাত, LIVE UPDATES appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SvIrXY
via IFTTT

Comments