গন্ধকৰৈ জাতীয় বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অন্তৰ্গত গন্ধকৰৈ জাতীয় বিদ্যালয়ত অসম বিজ্ঞান সমিতি ধনশিৰি শাখাৰ উদ্যোগত গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ সহযোগত বিজ্ঞান দিৱস পালন কৰা হয়। এই অনুষ্ঠানত পতাকা উত্তোলন কৰে ধনশিৰি বিজ্ঞান সমিতিৰ সভাপতি শিশুৰাম চুতীয়া ,বন্তি প্ৰজ্বলন আৰু বৃক্ষ ৰূপন কৰে ক্ৰমে বিদ্যালয়ৰ সভাপতি ধৰ্ম্মেশ্বৰ শইকীয়া আৰু চন্দন মহন্তই।
ছাত্ৰ -ছাত্ৰীসকলৰ মাজত হোৱা বিজ্ঞান প্ৰদৰ্শনী আৰ্হিৰ দ্বাৰ মুকলি কৰে অসম বিজ্ঞান সমিতিৰ সম্পাদক দীপক হাজৰীকাই।অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ছিত্ৰাঙ্কন , বক্তৃতা আৰু বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰীসকলে নিজা নিজা কৌশলেৰে নতুন নতুন সজুলি আৰু বিভিন্ন ধৰনৰ প্ৰদৰ্শনী প্ৰদৰ্শন কৰে।
তদুপলক্ষে সৰুপথাৰ বলিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা অসম বিজ্ঞান সমিতি ধনশিৰি শাখাৰ সভাপতি শিশুৰাম চুতিয়াৰ সভাপতিত্বত হোৱা মুকলি সভাত উপস্থিত থাকে অসম বিজ্ঞান সমিতি ধনশিৰি শাখাৰ সম্পাদক প্ৰদিপ হাজৰীকা, ৰাষ্টপ্ৰতি পুৰস্কাৰ প্ৰাপ্ত প্ৰাক্তন শিক্ষক তথা দক্ষিণ গোলাঘাট শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি খিৰেন কাকতি,সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা ক্ৰীড়া সংগঠক সিদ্ধেশ্বৰ শইকীয়া, গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ধৰ্ম্মেশ্বৰ শইকীয়া- প্ৰধান শিক্ষয়ত্ৰী মালা বৰা আৰু শিক্ষক শিক্ষয়ত্ৰীসকল উপস্থিত থাকে।
উল্লেখ্য যে মুকলি সভাৰ উদ্ধোধন কৰে খিৰেন কাকতিয়ে।সভাৰ অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ দূৰীকৰণত সমাজৰ ভূমিকা বিষয়ে আলোচনা কৰা হয়। অন্ধ বিশ্বাস সমূহৰ কু-ফলৰ আৰু ইয়াক কি দৰে দুৰ কৰিব পৰা যায় সেই সন্দৰ্ভত বক্তব্য ৰাখে।
The post গন্ধকৰৈ জাতীয় বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ElM7Gt
via IFTTT
Comments
Post a Comment