কটন বিশ্ববিদ্যালয়ত ৰাষ্ট্রীয় বিজ্ঞান দিৱস উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটীঃ কটন বিশ্ববিদ্যালয়ে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত ২৮ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে বিশ্ববিদ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰে। কটন বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয়বস্তু হৈছে “জনগণৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ বাবে জনগণ”। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভবেশ চন্দ্ৰ গোস্বামীয়ে পুৱা ১০ বজাত অনুষ্ঠানৰ উদ্বোধন কৰে। অনুষ্ঠানটোৰ আয়োজক সমিতিৰ সভাপতি তথা পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° পৱন কুমাৰ চহৰীয়াই আদৰণি ভাষণ প্ৰদান কৰে।
ইয়াৰ পিছতে বিশিষ্ট বিজ্ঞান লেখক তথা চিএছআইআৰ-নেইষ্টৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে বিজ্ঞানৰ এক জনপ্ৰিয় বক্তৃতা প্ৰদান কৰে। তেওঁ বিজ্ঞান বিষয়ক বহুতো জটিল কথা ধেমেলীয়া আৰু সহজকৈ অনুষ্ঠানত উপস্থিত থকা ছাত্র-ছাত্ৰী সকলৰ আগত দাঙি ধৰে। ইয়াৰ উপৰিও তেওঁ বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত বিজ্ঞান দিৱস উদযাপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰে। লগতে তেওঁ আশা প্ৰকাশ কৰি কয় যে, ভৱিষ্যতে এনেকুৱা এটা দিন আহক যিদিনা মানুহে বিজ্ঞান দিৱস উদযাপনৰ প্ৰয়োজনীয়তাবোধ নকৰিব। বৈজ্ঞানিক মানসিকতা শীঘ্ৰেই মানুহৰ মাজত গঢ়ি উঠাৰ পোষকতা কৰে তেওঁ।
অনুষ্ঠানটিত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড° অৰূপ কুমাৰ মিশ্ৰ উপস্থিত থাকে আৰু তেওঁ মুলতঃ জনসাধাৰণৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ় লোৱা আৰু ইয়াৰ বৃদ্ধি সম্পৰ্কে ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত এখনি কুইজ প্ৰতিযোগিতা আৰু বিজ্ঞান সম্পৰ্কীয় পোষ্টাৰ বনোৱা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
উল্লেখ্য যে, কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্র বিশ্বজিৎ শৰ্মা আৰু ৰক্তিম ৰঞ্জন বৈশ্যই মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত হ’বলগীয়া সদৌ অসম আন্তঃবিদ্যালয় বিজ্ঞানৰ কুইজ প্ৰতিযোগিতাত কুইজ মাষ্টাৰ হ’বলৈ সুবিধা লাভ কৰে।ইয়াৰোপৰি অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীয়ে যোগদান কৰিব পৰাকৈ “মানুহৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ বাবে মানুহ” বিষয়টি নিৰ্ধাৰণ কৰি প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অনুষ্ঠানটোৰ আহ্বায়কদ্বয় পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা ড° সুদীপ্ত নন্দী আৰু ড° দেৱজ্যোতি বৰুৱা।
The post কটন বিশ্ববিদ্যালয়ত ৰাষ্ট্রীয় বিজ্ঞান দিৱস উদযাপন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2T4ewuU
via IFTTT
Comments
Post a Comment