প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ চমক

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত বুধবাৰে বিপিন বিহাৰী এমই বিদ্যালয়ৰ প্ৰাংগনত খণ্ড পৰ্যায়ৰ জ্ঞান মেলা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযানৰ অধীনত বিপিন বিহাৰী এমই বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা জ্ঞানমেলা আৰু বিজ্ঞান প্ৰকল্প প্ৰদৰ্শনী তথা অভিবৰ্তনত কোকৰাঝাৰ শিক্ষাখণ্ডৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান প্ৰকল্প প্ৰদৰ্শন কৰে।

উক্ত জ্ঞানমেলা আৰু বিজ্ঞান প্ৰদৰ্শনী তথা অভিবৰ্তনত উপস্থিত থাকি নিজ ভাষণ প্ৰসংগত কোকৰাঝাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰদীপ গয়াৰীয়ে কয় যে, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে একো একোটা ক্ষেত্ৰত প্ৰতিভাধৰ যদিও উপযুক্ত পৰিৱেশ নোপোৱা বাবে প্ৰতিভা সুপ্ত হৈ থাকে।

ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা বিজ্ঞান প্ৰকল্প সমুহ প্ৰত্যক্ষ কৰি ছাত্ৰ ছাত্ৰীৰ মাজত লুকাই থকা আৱিস্কাৰক প্ৰতিভা বাহিৰ কৰি আনিব পাৰিলে দেশ আৰু সমাজৰ মঙ্গল হব বুলি উল্লেখ কৰি খণ্ড পৰ্যায়ৰ পৰাই পৰবৰ্তী পৰ্যায়ত শিশুৰ বিজ্ঞান প্ৰকল্প সমুহ ৰাষ্ট্ৰীয় স্তৰলৈ যাব বুলি তেখেতে মন্তব্য কৰে।

চিআৰচিচি নৱকান্ত ৰায়ে পৰিচালনা কৰা উক্ত সভাত কেবাখনো বিদ্যালয়ৰ বিজ্ঞান শিক্ষক, বিপিন বিহাৰী এমই বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰসেনজিৎ দেৱনাথ, সৰ্বশিক্ষা অভিযানৰ এমআইএচ সমন্বয়ক ফিৰদুচ হুছেইন আদিকে কেবাখনো বিদ্যালয়ৰ শিক্ষক, শিশু বিজ্ঞানী আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

The post প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ চমক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EfKOsD
via IFTTT

Comments