পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমন কৰা ভাৰতীয় জোৱানক প্ৰশংসা মন্ত্ৰী প্ৰমিলাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিএডিৰ কোকৰাঝাৰ জিলাৰ ৩০ নং পূৱ (জনজাতি) বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামোঞ্চলৰ ৰাস্তা, ঘাট আৰু  দলং নিৰ্মাণৰ লক্ষ্যৰে মঙলবাৰে সৰ্বমুঠ ১৬ কোটি ১ লাখ ৭৩ হেজাৰ টকা ব্যয় সাপেক্ষে চাৰিখন আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰা হয়৷ সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্মাণ হ’বলগীয়া দলং কেইখনৰ পৃথকে পৃথকে আধাৰশিলা স্থাপন কৰে বিধায়িকা তথা ৰজ্য চৰকাৰৰ সমাজ কল্যান মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই৷

উল্লেখ্য যে,  ৰাজ্য চৰকাৰৰ মহাবীৰ লাচিত  চিলাৰায় সেতু নিৰ্মান অভিযানৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ এছ অ পি ডি’ৰ অধীনত মঙলবাৰে মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই  হাব্ৰুবাৰী আৰু বৰহালোৱাদল পথত সৰ্বমুঠ ৩ কোটি ১৬ লাখ ৭৪ হেজাৰ টকা ব্যয়ৰে কুন্ঠাইবাৰীত আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰি কয় যে, বিটিএডি অঞ্চলৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত বিপিএফ দলে মিত্ৰ চৰকাৰৰ অংশীদাৰ হৈ ৰাইজৰ উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰিছে৷

যাৰ ফলশ্ৰুতিত অসম চৰকাৰৰ মহাবীৰ লাচিত  চিলাৰায় সেতু নিৰ্মান অভিযানৰ দ্বাৰা বিটিএডিৰ ভগ্ন কাঠৰ দলং সমূহ আৰ চি চি দলং নিৰ্মান কৰাৰ বাবে সাঙুৰি লোৱা হৈছে৷ মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই ভাৰতীয় জোৱানে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত বোমা বিস্ফোৰণৰে পুলৱামাৰ ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে৷ এইক্ষেত্ৰত ভাৰতীয় জোৱানৰ সাহসিকতাৰ প্ৰশংসা কৰি জোৱান সকলক মনোবল বৃদ্ধি কৰাৰ বাবে দেশবাসীক আহ্বান জনায়৷

উল্লেখ্য যে,  মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই মঙলবাৰে মহাবীৰ লাচিত  চিলাৰায় সেঁতু নিৰ্মান অভিযানৰ অধীনত আঠিয়াবাৰী তিনি আলিৰ পৰা কাপোৰগাওঁ পথত মুঠ ২ কোটি ৬৪ লাখ ৮৬ হেজাৰ টকা ব্যয় সাপেক্ষে এখন দলঙৰ আধাৰশিলাৰ উপৰিও কাপোৰগাওঁৰ পৰা ময়নাৰতল পথত ৬ কোটি ৭৪ লাখ ৮৮ হেজাৰ টকা আৰু জাইনাৰীৰ পৰা ভমৰাগুৰী পথত ৩ কোটি ৪৫ লাখ ২৫ হেজাৰ টকা ব্যয় সাপেক্ষে এখন আৰচিচি দলঙৰ আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কাৰ্যসূচীত কোকৰাঝাৰ গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা জগমোহন বসুমতাৰী সহ কেইবাগৰাকী বিভাগীয় বিষয়া উপস্থিত থাকে৷

The post পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমন কৰা ভাৰতীয় জোৱানক প্ৰশংসা মন্ত্ৰী প্ৰমিলাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NvChpS
via IFTTT

Comments