উত্তৰ গুৱাহাটীবাসীলৈ সকাহ, ৪খন জাহাজে আনিছে ভাল খবৰ

- কিছু সময়ৰ পিছতে দীৰ্ঘদিনীয়া যাতায়তৰ অসুবিধাৰ পৰা পৰিত্ৰাণ পাব উত্তৰ গুৱাহাটীবাসীয়ে।
- বৃহস্পতিবাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত মুকলি হ’ব ৪খন জাহাজৰ সেৱা।
- উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।
- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উদ্বোধন কৰিব উত্তৰ গুৱাহাটীৰ তিনিটা জাহাজ ঘাটৰ বাবে ৪খন জাহাজ।
- ইয়াৰে এখন ৰ’ৰ’ জাহাজ।
- এই সেৱাই ভাল খবৰ কঢ়িয়াই আনিছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীসকলৰ বাবে।
- প্ৰায় ২৬ কোটি টকাৰে নিৰ্মাণ কৰি উলিয়াইছে ৰাজ্য চৰকাৰে জাহাজকেইখন।
- উত্তৰ গুৱাহাটীৰ নতুন জাহাজ চাৰিখন ক্ৰমে- এমভি শংকৰদেৱ (ৰ’ ৰ’), আৰপিএল বুঢ়াদিয়া, আৰপিএল বৰলীয়া আৰু এমভি পুঠিমাৰী।
The post উত্তৰ গুৱাহাটীবাসীলৈ সকাহ, ৪খন জাহাজে আনিছে ভাল খবৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ICWlHY
via IFTTT
Comments
Post a Comment