নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত ৰবি শস্যৰ প্ৰদৰ্শনী-কৰ্মশালা সম্পন্ন

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰত বুধবাৰে এখন ৰবি শস্যৰ প্ৰদৰ্শনীৰ লগতে কৰ্মশালা অনুষ্ঠিত হয়। নলবাৰী জিলা উপাযুক্ত ভাৰত ভূষন দেৱ চৌধুৰীয়ে মুকলি কৰা প্ৰদৰ্শনীখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষক সকলে নিজৰ নিজৰ উৎপাদিত সামগ্ৰী সমূহ প্ৰদৰ্শন কৰে।

ইয়াৰ পিছতেই কৃষি বিজ্ঞান কেন্দ্ৰত ৰবি শস্যৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মূখ্য সমন্বয়ক মূদুল ডেকাই আঁত ধৰা অনুষ্ঠানটোত বিধায়ক অশোক শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ জল ব্যাৱস্থাপনা বিভাগৰ মুখ্য বিজ্ঞানী ৰমণী কান্ত ঠাকুৰীয়া, নলবাৰী জিলা কৃষি বিষয়া প্ৰণৱ শইকীয়া, সহঃ সঞ্চালক হেমন্ত কলিতা, পশু পালন বিষয়া অশ্বিনী কলিতা, নলবাৰী জিলা পথাৰ পৰিচালনা সমিতিৰ সভাপতি জয়চৰণ হালৈৰ লগতে জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বঁটা লাভ কৰা ভালে কেইজন কৃষক উপস্থিত থাকে।

The post নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত ৰবি শস্যৰ প্ৰদৰ্শনী-কৰ্মশালা সম্পন্ন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VpV1da
via IFTTT

Comments