হয়, পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিওতে আমি হেৰুৱালো এখন মিগ-২১ঃ বিদেশ মন্ত্ৰণালয়

- সলনি হৈছে ভাৰত-পাকিস্তানৰ স্থিতি।
- এইবাৰ ভাৰতৰ দাবী সন্ধানহীন হৈ আছে ভাৰতৰ এখন মিগ-২১ শ্ৰেণীৰ যুঁজাৰু বিমান।
- সন্ধানহীন হৈ আছে এজন বায়ুসেনাৰ পাইলট।
- সংবাদ মাধ্যমক এই বিষয়ে সদৰী কৰিলে এয়াৰ ভাইচ মাৰ্চেল আৰ জি কে কাপুৰে।
- বায়ুসেনা বিষয়াগৰাকীৰ সৈতে সংবাদ মেলত উপস্থিত আছিল বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰ।
- ভাৰতে পাকিস্তানৰ এখন এয়াৰক্ৰাফ্ট ভূপতিত কৰাৰ কথা জনালে।
- ভাৰতীয় বায়ু সেনাৰ মিগ-২১ বিমান এখন ভূপতিত হোৱাৰ তথ্যও স্বীকাৰ কৰিলে।
- পাকিস্তানে পুৱাৰ ভাগতে দাবী কৰিছিল দুখনকৈ ভাৰতীয় যুঁজাৰু বিমান ভূপতিত কৰা কথা।
- এজন ভাৰতীয় বায়ু সেনাৰ পাইলট তেওঁলোকৰ কব্জাত আছে বুলিও ঘোষণা কৰিছিল।
- দুপৰীয়ালৈ পাক সেনা সূত্ৰই পূৰ্বতে দিয়া মন্তব্য অস্বীকাৰ কৰিছিল।
- ভাৰতীয় বায়ুসেনাৰ কোনো বিমান ধ্বংসৰ সৈতে তেওঁলোক জড়িত নহয় বুলি ঘোষণা কৰিছিল।
#WATCH Raveesh Kumar, MEA: One Pakistan Air Force fighter aircraft was shot down by Indian Air Force. In this engagement, we have lost one MiG 21. Pilot is missing in action. Pakistan claims he is in their custody. We are ascertaining the facts. pic.twitter.com/Bm0nVChuzF
— ANI (@ANI) February 27, 2019
The post হয়, পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিওতে আমি হেৰুৱালো এখন মিগ-২১ঃ বিদেশ মন্ত্ৰণালয় appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tHUXd0
via IFTTT
Comments
Post a Comment