ভাৰতীয় বায়ুসেনাই ভূপতিত কৰিলে পাক এফ-১৬

ডিজিটেল সংবাদঃ ভাৰতৰ ভূমিত এলঅ’চি অতিক্ৰম কৰি প্ৰৱেশ কৰা পাকিস্তানৰ এফ-১৬ বিমান উফুৰাই দিলে ভাৰতীয় সেনাই। জম্মু-কাশ্মীৰৰ নৌছেৰা ছেক্টৰত লামভেলিৰে প্ৰৱেশ কৰিছিল পাকিস্তানৰ বায়ু সেনা বিমানখন । এলঅ’চি অতিক্ৰম কৰি ৩ কিঃমিঃ ভিতৰলৈ সোমাইছিল বিমানখন। তাৰ পাছতে ভাৰতীয় সেনাই পাকিস্তানৰ এফ-১৬ যুদ্ধ বিমানখন মাজ আকাশতে ধ্বংস কৰে। পিছে বিমানখনত থকা পাকিস্তানৰ পাইলত পেৰাছুট খুলি পলাবলৈ সক্ষম হয়। এইকথা ইতিমধ্যে প্ৰকাশ পাইছে এএনআই সংবাদ মাধ্যমত। আনহাতে, ক্ৰমাৎ যুদ্ধ দিশে আগবাঢ়িছে ভাৰত আৰু পাকিস্তান। পুলৱামা কাণ্ডৰ পোতক তুলি ভাৰতীয় বায়ুসেনাই মঙলবাৰে পুৱতি নিশা পাকিস্তানৰ অধিকৃত বালাকোটসহ অন্য দুই স্থানত থকা সন্ত্ৰাসবাদী ঘাঁটিত আক্ৰমণৰ পিছতে ক্ৰমাৎ অৱনতি ঘটিছে দুয়োখন দেশৰ সম্পৰ্ক।

আনহাতে, দেশৰ চোৰাংচোৱা সন্থাই সম্ভাব্য আক্ৰমণৰ কথা ব্যক্ত কৰি সতৰ্কতা জাৰি কৰা পিছতে এতিয়া তৎপৰ হৈ পৰিছে নতুন   দিল্লী । গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত দিল্লীত গুৰুত্বপূৰ্ণ বৈঠকত মিলত হৈছে। বৈঠকত উপস্থিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, গৃহসচিব, আইবি মুৰব্বীৰ মাজত নিৰাপত্তা দিশত গুৰুত্বপূৰ্ণ বৈঠক। আনহাতে এই বৈঠকৰ পিছত পুৰণ দিল্লীত প্ৰধানমন্ত্ৰী লগত বৈঠকত মিলিত হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল।

The post ভাৰতীয় বায়ুসেনাই ভূপতিত কৰিলে পাক এফ-১৬ appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2tC7ej4
via IFTTT

Comments