নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত, জব্দ ৩টা পিষ্টলসহ ১১ জাঁই সজীৱ গুলী

  • নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত৷
  • ডকাইতটোৰ পৰা জব্দ দুটা পইণ্ট ২ ২, এটা ৭.৬৫ সহ তিনিটা পিষ্টল আৰু ১১ জাঁই সজীৱ গুলী৷
  • বুধবাৰে সন্ধিয়া জুৰীয়াৰ বগুৰিগুৰিৰ পৰা আটক কৰা হয় কুখ্যাত ডকাইত বিল্লাল হুছেইনক।
  • পূৰ্বেও কেবাটাও ডকাইতিৰ ঘটনাত জড়িত থকা অভিযোগ ডকাইতটোৰ বিৰুদ্ধে।

  • নগাঁও আৰক্ষীৰ সদৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়া, বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফ ৩৪ বেটিলিয়েনৰ দলে চলাইছিল এই অভিযান৷

  • নগাঁও আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধিৰ তৎপৰতাত গঠিত বিশেষ অভিযানকাৰী দলৰ এই বিশেষ সফলতাত অভিনন্দন বৃহত্তৰ জুৰীয়াবাসীৰ।

The post নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত, জব্দ ৩টা পিষ্টলসহ ১১ জাঁই সজীৱ গুলী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IIaVOn
via IFTTT

Comments