হাৰিয়ানাত কিংমেকাৰ ১১ মহীয়া জে জে পিঃ উপ মুখ্যমন্ত্ৰী দুষ্মন্ত চৌতালা!…

ডিজিটেল ডেস্কঃ হাৰিয়ানাত পুনৰ বিজেপিৰ চৰকাৰ। হাৰিয়ানা ৯০ জনীয়া বিধানসভাৰ ৫৯ খন আসনেৰে মিত্ৰজোটৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। শুকুৰবাৰে পুৱাই ৬-৭ জন নিৰ্দলীয় বিধায়কে বিজেপিক চৰকাৰ গঠনৰ বাবে সমৰ্থন দিয়াৰ কথা প্ৰচাৰ হোৱাৰ হৈছিল।
কিন্তু নিশা ৯.৩০ বজাত খবৰ আহিল যে, হাৰিয়ানাত চৰকাৰ গঠনৰ বাবে বিজেপিক সমৰ্থন দিব জে জে পি দলেও ইফালে ৯ জন নিৰ্দলীয় বিধায়কৰো সমৰ্থন আদায় কৰিছে বিজেপি দলে। চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা ৪৬ খন আসমৰ পৰিৱৰ্তে বিজেপি-জেজেপি-নিৰ্দলীয় মিত্ৰজোটৰ বৰ্তমান মুঠ বিধায়কৰ সংখ্যা হলগৈ ৫৯।

মাত্ৰ ১১ মাহৰ পূৰ্বে গঠন হোৱা জেজেপি দলক বিজেপিয়ে উপ মুখ্যমন্ত্ৰী আৰু ৩ মন্ত্ৰীত্ব প্ৰদান কৰিব। ৩ মন্ত্ৰীৰ ভিতৰত ২ কেবিনেট আৰু ১ ৰাজ্যিক মন্ত্ৰী। জে জে পিৰ নেতা দুষ্মন্ত চৌতালা হব উপ-মুখ্যমন্ত্ৰী।

ইফালে চৰকাৰ গঠনৰ সন্দৰ্ভত শনিবাৰে হাৰিয়ানা বিজেপিয়ে বিধায়িনী দলৰ সভা আহ্বান কৰিছে। এই সভাত উপস্থিত থাকিব নিৰ্মলা সীতাৰমনৰ লগতে বিজেপি সাধাৰণ সম্পাদক। ইফালে জে জে পিয়েও নিজা কাৰ্যালয়ত আহ্বান কৰিছে কৌৰ কমিটিৰ বৈঠক। দিনৰ ১১ বজাত জে জে পিৰ নেতা দুষ্মন্ত চৌতালাই ৰাজ্যপালক সাক্ষাৎ কৰি বিজেপিক সমৰ্থন দিয়াক লৈ পত্ৰ প্ৰদান কৰিব।
The post হাৰিয়ানাত কিংমেকাৰ ১১ মহীয়া জে জে পিঃ উপ মুখ্যমন্ত্ৰী দুষ্মন্ত চৌতালা!… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31SwksN
via IFTTT
Comments
Post a Comment