সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, গোৱালপাৰাত জাঙুৰ খাই উঠিল সমন্বয়ৰক্ষী সমিতি…

ডিজিটেল সংবাদ, কৃষ্ণাই: গোৱালপাৰা জিলা সমবায়সমূহৰ সহকাৰী পঞ্জীয়কগৰাকীয়ে জিলাখনৰ পাঁচখনকৈ সমবায় সমিতিৰ নিৰ্বাচীত সমিতিক খাৰিজ কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ইতিমধ্যে সহকাৰী পঞ্জীয়কৰ বিৰুদ্ধে জিলা সমবায় সমিতিসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে।

দেওবাৰে সমন্বয়ৰক্ষী সমিতিৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সহকাৰী পঞ্জীয়কৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে বিৰোধিতা কৰি কয়- সহকাৰী পঞ্জীয়কে সমবায় সমিতিৰ সকলোবোৰ নিয়ম-আইনক বুঢ়া আঙুলি প্ৰৰ্দশন কৰি নিজ ইচ্ছা আৰু খেয়াল-খুচিমতে এই নিৰ্দেশ প্ৰেৰণ কৰিছে বুলি মুকলিকৈ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে জিলাখনৰ দৰংগিৰি, ধনুভাঙা, কৃষ্ণাই, বৰদামাল আৰু সিদাবাৰীসমবায় সমিতিকেইখনে বিগত ভিত্তীয় বৰ্ষৰ হিচাপ-নিকাচ সম্পূৰ্ণ কৰি অনুষ্ঠিত কৰা বছৰেকীয়া সাধাৰণ সভাত অংশীদাৰ ৰাইজৰ উপস্থিতিৰওপৰত প্ৰশ্ন তুলি সহকাৰী পঞ্জীয়কে সংশ্লিষ্ট সমবায় সমিতিকেইখনৰ নিৰ্বাচিত সমিতিকেইখনক খাৰিজ কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰিছিল।

ইফালে সহকাৰী পঞ্জীয়কৰ অভিযোগক তীব্ৰভাৱে খণ্ডন কৰিছে সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ সেনে। তেওঁ কয় যে, সংশ্নিষ্ট সমবায় সমিতিকেইখনে বিভাগীয় নিৰ্দেশমৰ্মে সাধাৰণ সভা অনুষ্ঠিত কৰিছিল আৰু সভাৰ কাম এগৰাকী বিভাগীয় পৰ্যবেক্ষকৰ উপস্থিতিত সম্পন্ন কৰা হৈছিল। তেনে ক্ষেত্ৰত সহকাৰী পঞ্জীয়কে সংশ্লিষ্ট সমবায় সমিতিকেইখনৰ নিৰ্বাচিত সমিতিকেইখনক ভংগ কৰি এজনীয়া তদৰ্থ সমিতি গঠণৰ নিৰ্দেশ জাৰি কৰা কাৰ্যক মইমতালি বুলি আখ্যা দিয়ে প্ৰবীৰ কুমাৰ সেনে।

সমন্বয় সমিতিখনে সহকাৰী পঞ্জীয়কগৰাকীক এনে অগণতান্ত্ৰিক কাৰ্যৰ পৰা বিৰোধ থাকিবলৈ আহ্বান জনাই কয়- অংশীদাৰ ৰাইজে ভোটেৰে নিৰ্বাঢীত কৰা সমিতিৰ প্ৰতি সন্মান প্ৰৰ্দশন কৰা উচিত। সমন্বয়ৰক্ষী সমিতিয়ে অতিশীঘ্ৰে সহকাৰী পঞ্জীয়কগৰাকীক সংশ্লিষ্ট সমবায় সমিতিকেইখনলৈ জাৰি কৰা নিৰ্দেশটোক উঠাই ল’বলৈ দাবী জনাইছে অন্যৰ্থা সমন্বয় সমিতিখনে আইনৰ আশ্ৰয় ল’বলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।

The post সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, গোৱালপাৰাত জাঙুৰ খাই উঠিল সমন্বয়ৰক্ষী সমিতি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Js2e98
via IFTTT

Comments