নালাগে ভাৰা দিব, কেৱল যাত্ৰা কৰক, মহিলাসকললৈ চৰকাৰৰ বিনামূলীয়া বাছ সেৱাৰ সুযোগ

ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল দিল্লী চৰকাৰৰ বিনামূলীয়া বাছ সেৱা। এতিয়াৰে পৰা দিল্লীত বাছত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব সকলো মহিলাই। মঙলবাৰৰ পৰা এই সেৱা কাৰ্যকৰী হৈছে।

প্ৰথম দিনাই বাছসমূহত দেখিবলৈ পোৱা গৈছে বহু মহিলা যাত্ৰীয়ে যাত্ৰা কৰা। দিল্লী ট্ৰেন্সপোৰ্ট কৰ্পৰেশ্যনৰ বাছত বিনামূলীয়াকৈ এতিয়াৰে পৰা কোনো মহিলাই যাত্ৰা কৰিব পাৰিব।

কিছুদিন পূ্ৰ্বে দিল্লী চৰকাৰে ঘোষণা কৰিছিল মহিলা যাত্ৰীৰ বাবে বিনামূলীয়া বাছৰ কথা। যি সেৱা মঙলবাৰৰে পৰা মুকলি কৰা হয়।
The post নালাগে ভাৰা দিব, কেৱল যাত্ৰা কৰক, মহিলাসকললৈ চৰকাৰৰ বিনামূলীয়া বাছ সেৱাৰ সুযোগ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2No6XcL
via IFTTT
Comments
Post a Comment