বিজেপি নেতাৰ নৃশংসভাৱে হত্যা, টিএমচিৰ বিৰুদ্ধে অভিযোগ…

ডিজিটেল ডেস্কঃ পশ্চিমবংগত দেওবাৰে নৃশংসভাৱে হত্যা কৰা হয় এজন বিজেপি নেতাক। ৰাজ্যখনৰ হুগলী জিলাৰ আৰামবাগত সংঘটিত হয় এই হত্যাকাণ্ড। বিজেপিয়ে এই হত্যাকাণ্ডৰ সৈতে তৃণমূল কংগ্ৰেছ জড়িত বুলি অভিযোগ কৰিছে যদিও দলটোৱে এনে কোনো ঘটনা সংঘটিত কৰা নাই বুলি সদীৰ কৰে।

আৰক্ষীয়ে জনাই যে, ঘটনা সন্দৰ্ভত দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি, বিজেপিৰ স্থানীয় নেতা শ্বেখ আমিৰ খানক তৰোৱাল আৰু বাঁহেৰে আক্ৰমণ কৰা হৈছিল। তাৰপাছত হাস্পতাল গৈ পোৱাৰ পূৰ্বেই মৃত্যু হয় তেওঁৰ।

The post বিজেপি নেতাৰ নৃশংসভাৱে হত্যা, টিএমচিৰ বিৰুদ্ধে অভিযোগ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/344fcSf
via IFTTT

Comments