বৰপানীৰ পিছত বৃদ্ধি পাইছে কপিলী, নিশাৰী, লুটুমাৰী নৈৰ জলপৃষ্ঠ, কামপুৰত ভয়াৱহ বান, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত বানৰ ভয়াবহতা। বৰপানী নৈৰ পিছত বৃদ্ধি পাইছে কপিলী, নিশাৰী, লুটুমাৰী নৈৰ জলপৃষ্ঠ। বিগত চাৰিদিন ধৰি কাৰ্বি আংলং, উত্তৰ কাছাৰ, নগাওঁ জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কামপুৰ অঞ্চলত বানে অধিক ভয়াৱহ ৰূপ লোৱাৰ সম্ভৱনাই দেখা দিছে।
ইতিমধ্যে কামপুৰত কপিলী নৈৰ বিপদ সীমা অতিক্ৰম কৰিছে। কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি পুৱা সাত বজাত কামপুৰত ১৫ ছেণ্টিমিটাৰ ওপৰৰে কপিলী নৈ পানী বৈ আছে।
বৰপানী নৈয়ে কচুৱাৰ মাধৱপাৰাৰ এটা মাথাউৰী উটুৱাই নিয়াৰ ফলত ভয়াবহ বানৰ কবলত পৰিছে অঞ্চলটো। পথাৰত ধানে গেৰ ধৰা সময়ত বানে সংহাৰ সৃষ্টি কৰাত মূৰে কপালে হাত দিছে কৃষকে।
The post বৰপানীৰ পিছত বৃদ্ধি পাইছে কপিলী, নিশাৰী, লুটুমাৰী নৈৰ জলপৃষ্ঠ, কামপুৰত ভয়াৱহ বান, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31VSESk
via IFTTT
Comments
Post a Comment