শিলচৰত একঁকাল পানীৰ তলত কালী পূজা সম্পন্ন…

ডিজিটেল সংবাদ, শিলচৰঃ দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে এইবাৰ শিলচৰত ম্লান পৰিল কালীপূজাৰ উচাহ৷ আবতৰীয়া বৰষুণে হতাশা আনিছে পূজা কমিটী সমুহলৈ৷ পূজাৰ মণ্ডপত দেখা গ’ল একঁকাল পানী৷

শিলচৰ চহৰৰ ২৬ নম্বৰ ৱাৰ্ডৰ তপোবন নগৰ যুৱ শক্তি উন্নয়ণ কমিটীৰ পুজাৰ মণ্ডপ সম্পুৰ্ণ ডুব গৈছে পানীৰ তলত ৷ প্ৰতিবছৰৰ দৰে এইবাৰো তপোবন নগৰৰ পূজাস্থলীত পূজা কমিটীয়ে আয়োজন কৰিছিল কালীপূজা ৷ সেইমতে, পূজা মণ্ডপো সুন্দৰকৈ সাজি তোলা হৈছিল ৷ কিন্তু শুকুৰবাৰ আৰু শনিবাৰে দিনে নিশাই নেৰেনেপেৰা বৰষুণ হোৱাৰ ফলত একঁকাল পানী হয় পূজা স্হলীত ৷

অৱশেষত নিৰুপায় হৈ নাৱেৰে পূজাৰ সামগ্ৰী আনিব লগা হয় ৷ আনকি, পূজাৰ প্ৰতীমাও নাৱেৰে আনি পূজামণ্ডপত স্হাপন কৰে আয়োজক সকলে ৷ যথেষ্ট কষ্টৰ মাজেৰে পূজা সম্পন্ন কৰে পূজা কমিটীয়ে৷

The post শিলচৰত একঁকাল পানীৰ তলত কালী পূজা সম্পন্ন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31MsdhG
via IFTTT

Comments