১৭ নৱেম্বৰত অসম সন্তান ৰঞ্জন গগৈয়ে মুখ্য ন্যায়াধীশৰূপে ল’ব অৱসৰ, ১৮ নৱেম্বৰত শৰদ অৰবিন্দ ববডেৰ শপত গ্ৰহণ…

ডিজিটেল ডেস্কঃ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ১৮ নৱেম্বৰত শপত গ্ৰহণ কৰিব ন্যায়াধীশ শৰদ অৰবিন্দ ববডেয়ে। কিছুদিন পূৰ্বে বৰ্তমানৰ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্চন গগৈয়ে শৰদ অৰবিন্দ ববডেৰ নাম প্ৰস্তাৱ কৰি কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। দেশৰ মুখ্য ন্যয়াধীশ হিচাপে নিযুক্তিৰ ৱাৰেন্টত অৱশেষত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে।
উল্লেখ্য যে, দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যয়াধীশৰ আসনত কোন অধিষ্ঠিত হ’ব সেই লৈ কিছু দিন পূৰ্বৰ লৈকে সৰ্বত্ৰে চৰ্চা অব্যাহত আছিল। তেনে সময়তে ববডেৰ নাম প্ৰস্তাৱ কৰা হৈছিল। কিয়নো অহা ১৭ নৱেম্বৰত বৰ্তমানৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰিব।
এছ এ ব’বডে হৈছে উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ।
The post ১৭ নৱেম্বৰত অসম সন্তান ৰঞ্জন গগৈয়ে মুখ্য ন্যায়াধীশৰূপে ল’ব অৱসৰ, ১৮ নৱেম্বৰত শৰদ অৰবিন্দ ববডেৰ শপত গ্ৰহণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MT0asM
via IFTTT
Comments
Post a Comment