চলন্ত যাত্ৰীবাহী ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ১৬, আহত ১৩

ডিজিটেল ডেস্কঃ পাকিস্তানত বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। কাৰাছী–ৰাৱালপিণ্ডি তেজগাম এক্সপ্ৰেছ নামৰ ৰে’লখনত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে অতিকমেও ১৬ জন লোকে। ইফালে ১৩ জনৰো অধিক লোক গুৰুতৰভাবে আহত হৈছে।

পুৱা যাত্ৰীয়ে আহাৰ প্ৰস্তুত কৰিবলৈ গেছ জ্বলাওতে চিলিণ্ডাৰ বিস্ফোৰণ হয়। তাৰ পিছতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে সমগ্ৰ পৰিৱেশ। কণি গৰম কৰিবলৈ লওঁতেই লিয়াকতপুৰ পোৱাৰ সময়তে সংঘটিত এই অগ্নিকাণ্ডৰ পিছতে যাত্ৰী সকলৰ মাজত হুৱাদুৱা লাগে।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত অধিকাংশ যাত্ৰীয়ে শুই আছিল। অতি কম সময়তে বিয়পি পৰা জুইত জাহ যায় ৰে’লখনৰ ৩টা ডবা। জুই প্ৰত্যক্ষ কৰি ৰে’লৰ পৰা জপিয়াবলৈ চেষ্টা কৰাৰ বাবে কেবাজনো লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

পূৰ্বেও পাকিস্তানত কেবাবাৰো সংঘটিত হৈছে এন ঘটনা। এই বৰ্ষৰ জুলাই মাহত সংঘটিত এক দুৰ্ঘটনাত ১১ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ছেপ্তেম্বৰ মাহত নিহত হৈছিল ৪ জন লোক। ইফালে ২০০৫ জন ৩খন ৰে’লৰ মাজত সংঘটিত সংঘৰ্ষত নিহত হৈছিল ১৩০ জন লোক।
The post চলন্ত যাত্ৰীবাহী ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ১৬, আহত ১৩ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36guCod
via IFTTT
Comments
Post a Comment