“কৃষকক সমাজত সন্মান দিলেহে নতুন প্ৰজন্ম কৃষি ক্ষেত্ৰলৈ আগবাঢ়ি আহিব”, কৃষি প্ৰদৰ্শনী মেলাত নগাঁৱৰ উপায়ুক্ত যাদৱ শইকীয়া

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ “কৃষকক সমাজত সন্মান দিলেহে নতুন প্ৰজন্ম কৃষি ক্ষেত্ৰলৈ আগবাঢ়ি আহিব। সেয়ে কৃষকক সমাজত আগস্থান দিব লাগে। কাৰণ কৃষিৰ ওপৰতে নিৰ্ভৰশীল আমাৰ অৰ্থনীতি। আমাৰ অন্নমুঠি কৃষকেই যোগান ধৰি আহিছে।” এই মন্তব্য নগাঁও জিলাৰ উপাযুক্ত যাদৱ শইকীয়াৰ। বুধবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৯ৰ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সহযোগত নগাঁও জিলাৰ বেজগাঁও সোনালী পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত “কৃষি প্ৰদৰ্শনী মেলা”ত মুখ্য অতিথি ৰূপে উপস্থিত থাকি তেওঁ “বৰ্তমান কৃষিক ব্যবসায়ীলৈ ৰূপান্তৰ কৰোটো শুভ লক্ষণ” বুলিও মন্তব্য কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ জয়ন্ত কুমাৰ ডেকাই সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি কয় “কৃষি অকল বিজ্ঞান নহয়, কৃষি কলাও কৃষি বিজ্ঞানো।” অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন পাঠক, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকা, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ পুটুল চন্দ্ৰ শৰ্মা, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ তুলসী প্ৰসাদ শইকীয়া, ড০ ইদ্ৰিছ আলী শ্বেখ, ড০ কল্যাণ কুমাৰ শৰ্মা, ড০ বিৰিঞ্চি কুমাৰ বৰা, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভাৰপ্ৰাপ্ত মূৰব্বী জুলি শৰ্মা, ভূমি বিজ্ঞান বিশেষজ্ঞ দীপেন নাথ, সামূহীক বিজ্ঞান বিশেষজ্ঞা আছফিকা ইছলাম, কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, পাম পৰিচালক নয়ন বৰদলৈ আৰু নগাঁও জিলাৰ বৰভেটি, টকৌবাৰী, বৰকছাৰী গাঁও, মাহৰি আটি, কাছমাৰী, শিমলুগুৰি, চিলঙনী, বেবেজীয়া, পলাশতল, ৰাইডঙীয়া, নলতলী, জাজৰি, আদি বিভিন্ন প্ৰান্তৰ পাঁচ শ কৃষক উপস্থিতি থাকে।

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৯ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ভূমি বিজ্ঞান বিভাগ, উদ্যান শস্য বিভাগ, শস্য বিজ্ঞান বিভাগ, উদ্ভিদ ৰোগ বিভাগ, পতংগ তত্ব বিভাগ, থলুৱা প্ৰযুক্তিগত পদ্ধতি বিভাগ, কৃষি বতৰ বিজ্ঞান বিভাগ, গ্ৰাম্য অৰ্থনীতি আৰু কৃষি সম্প্ৰসাৰণ বিভাগ, চাহ পালন প্ৰযুক্তি বিভাগ, কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ, মীন পালন বিভাগ, পশু পালন বিভাগৰ উপৰিও কম কৃষি ভূমিৰ আদৰ্শ বাৰী পদ্ধতিৰ এখনি আকৰ্ষণীয় প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

অনুষ্ঠানটিতে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৯ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰকাশিত ‘অংকুৰণ’ আৰু ‘শ্যামল’ শীৰ্ষক দুখনি আলোচনী উন্মোচন কৰ হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় পশু বিজ্ঞান বিশেষজ্ঞ তথা গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৯ৰ মুখ্য পৰ্যবেক্ষক ড০ অনিমেষ ডেকাই।

The post “কৃষকক সমাজত সন্মান দিলেহে নতুন প্ৰজন্ম কৃষি ক্ষেত্ৰলৈ আগবাঢ়ি আহিব”, কৃষি প্ৰদৰ্শনী মেলাত নগাঁৱৰ উপায়ুক্ত যাদৱ শইকীয়া appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2owEKrY
via IFTTT

Comments