মিজোৰামৰ নতুন ৰাজ্যপাল পি এছ শ্ৰীধৰন পিল্লে…

ডিজিটেল ডেস্কঃ অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত নিযুক্তি দিয়া হৈছে নতুন ৰাজ্যপাল। কেৰালাৰ ৰাজ্যিক বিজেপিৰ অধ্যক্ষ পি এছ শ্ৰীধৰন পিল্লেক মিজোৰামৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।
শুকুৰবাৰে এই নিযুক্তিক লৈ সংবাদমাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পিল্লেই কয় যে, ‘দলে মোক যি দায়িত্ব পালন কৰিছিল আজিকোপতি লৈকে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি আছো আৰু ভৱিষ্যতলৈও কৰি যাম।’
‘কিছুদিনৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ কথা মোক জনাইছিল। কেইটামান দিনৰ পাছতে মোৰ অধ্যক্ষৰ কাৰ্যকাল শেষ হব। তাৰ পাছতে মই নতুন দায়িত্বভাৰ গ্ৰহণ কৰিম।’
The post মিজোৰামৰ নতুন ৰাজ্যপাল পি এছ শ্ৰীধৰন পিল্লে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BGhIC2
via IFTTT
Comments
Post a Comment