প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ অনা লোকজন পুনৰ বিতৰ্কত, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁৱৰ তুলসীমুখ দেউৰী গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি। প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ অনা দ্বীপ ভূঞাৰ ঘৰত এই উত্তেজনা। গাওঁখনৰ এঘৰ মানুহলৈ কোনো অজ্ঞাত লোকে শিল দলিয়াইছিল। এই কাণ্ড দ্বীপ ভূঞাৰ লগতে তেওঁ ঘৰত আশ্ৰয় লৈ থকা লোক সকলে সংঘটিত কৰা সন্দেহ কৰি এজন বৃদ্ধ লোকে সোধ পোচ কৰিবলৈ আহে দ্বীপ ভূঞাৰ ঘৰলৈ। কিন্ত বৃদ্ধ লোকজনক দ্বীপ ভূঞাই  মাৰপিট কৰাক কেন্দ্ৰ কৰাৰ পিছত উত্তেজনা বৃদ্ধি পায়।

দ্বীপ ভূঞাৰ ঘৰৰ কাষতে ভূজ খাই আছিল গাঁৱৰ কিছু যুৱক যুৱতীয়ে। তেওঁলোকৰ খাদ্যটো কোনো লোকে শিল দলিয়াই খাদ্য সমূহ সম্পূণ ৰূপে নষ্ট কৰে। বৃদ্ধ লোকজনক মাৰপিট কৰাৰ পিছত গাওঁ খনৰ একাংশ যুৱকৰে দ্বীপ ভূঞা নামৰ লোকজনৰে  প্ৰথমে কাজিয়া, পিছত দা কুঠাৰ লৈ তীব্ৰ সংঘাট হয়।সংঘাটৰ পৰিণতিত সাত জনকৈ লোক গুৰুতৰভাৱে আহত হয়৷ আহত সকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে দ্বীপ ভূঞাৰ বাসগৃহৰ ভিতৰত প্ৰায় ১৫ জনৰো অধিক অচিন যুৱক যুৱতীয়ে আশ্ৰয় লোৱাৰ অভিযোগ ৰাইজৰ। সমগ্ৰ ঘটনাটোত ননৈ আৰক্ষী থানাৰ ভূমিকাত অতিষ্ঠ স্থানীয় লোক। অপৰাধীৰ পক্ষ লোৱাৰ অভিযোগ ননৈ আৰক্ষীৰ বিৰুদ্ধে৷ বৰ্তমানো অভিযুক্ত দীপ ভূঞাৰ ঘৰত আবদ্ধ যুৱক যুৱতী সকল উলিয়াই আনিবলৈ আৰক্ষীক দাবী জনাই স্থানীয়্ গাওঁবাসীয়ে দ্বীপ ভূঞাৰ ঘৰ ঘেৰাও কৰে৷ ইয়াতেই আৰক্ষী আৰু স্থানীয় লোকৰ মাজত সংঘাটৰো সৃষ্টি হয়।

পিছত নগাঁৱৰ উচ্চপদস্থ আৰক্ষী বিষয়াই দ্বীপ ভূঞাৰ ঘৰৰ ভিতৰত আশ্ৰয় লোৱা লোক সকলক থানালৈ অনাৰ আশ্বাস দিয়াৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয়। ইফালে আক্ৰমণত আহত ৭ জন লোকৰ ভিতৰত গুৰুতৰ ভাৱে আহত চাৰিজনক নগাঁৱলৈ প্ৰেৰণ কৰে৷

The post প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ অনা লোকজন পুনৰ বিতৰ্কত, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BTlnfH
via IFTTT

Comments