চামগুৰিত হাতী-মানুহৰ সংঘাত, কেমেৰাত বন্দী দৃশ্য…

ডিজিটেল সংবাদ,চামগুৰিঃ শীতৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যতে ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে। কৰবাত যদি বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগীয়া হৈছে একাধিক লোকে, তাৰ বিপৰীতে কৰবাত আকৌ জীৱশ্ৰেষ্ঠ মানুহৰ জিঘাংসাৰ বলি হব লগীয়া হৈছে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰা একাংশ বন্যহস্তী।

ঠিক একেদৰে নগাঁও জিলাৰ চামগুৰিৰ সমীপৱৰ্ত্তী চাপানালাতো বিগত কিছুদিন ধৰি পুনৰ দিনে নিশাই বিচৰণ কৰি আছে এটা বৃহৎ বন্যহস্তীৰ জাকে। চাপানালাৰ নিকটৱৰ্ত্তী বালিজুৰি-কাজিৰঙা গাঁৱৰ মূল হস্তীদণ্ডীটোৰে বন্যহস্তীৰ জাকটোৱে সঘনাই অহা-যোৱা কৰি থকাক কেন্দ্ৰ কৰি সম্প্ৰতি চৰম আশংকাৰ মাজত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলবাসীয়ে।

বন্যহস্তীৰ জাকটোৰ অবাধ বিচৰণৰ ফলত বিনষ্ট হৈ পৰিছে পকীবলৈ লোৱা বৃহৎ বৃহৎ ধাননি পথাৰ। ইফালে দোভাগ ৰাতি পৰ্য্যন্ত বালিজুৰি-কাজিৰঙাত চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনৰক্ষীয়ে কৰিছে পহৰাৰ ব্যৱস্থা।

বৃহত্তৰ চাপানালা অঞ্চলত সম্প্ৰতি উপদ্ৰৱ সৃষ্টি কৰা বন্যহস্তীৰ জাকটোত সদ্যজাত পোৱালি থকাৰ বাবে বেছি দুৰ পৰিভ্ৰমণ কৰিব নোৱাৰি জাকটোৱে অঞ্চলটোত বিচৰণ কৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

The post চামগুৰিত হাতী-মানুহৰ সংঘাত, কেমেৰাত বন্দী দৃশ্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JuL22A
via IFTTT

Comments