কোকৰাঝাৰত একতাৰ দৌৰ সম্পন্ন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটো চৰকাৰীভাৱে ২০১৪ চনৰ পৰা প্ৰতিবছৰে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰাৰ দৰে এইবেলিও ৰাষ্ট্ৰজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে বৃহস্পতিবাৰে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰত “একতাৰ বাব দৌৰ” কাৰ্যসূচী ৰূপায়িত হয়।
কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা একতাৰ দৌৰে শান্তিনগৰ হৈ কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমণ কৰি পুণৰাই কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত গোট খাই ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু নিৰাপত্তা ৰক্ষাৰ বাবে শপত লয়।
উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰ, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙ আদিকে ধৰি জিলা আৰু আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু আন বহু লোকেও একতাৰ দৌৰত অংশগ্ৰহণ কৰে।
The post কোকৰাঝাৰত একতাৰ দৌৰ সম্পন্ন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BYnYFf
via IFTTT
Comments
Post a Comment