মাটিয়াত বন্যহস্তীৰ আক্ৰমণত মৃত্যুৰ সংখ্যা ৫ জনলৈ বৃদ্ধি, ৪ লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ,কৃষ্ণাই : গোৱালপাৰা জিলাৰ মাটিয়াত বন্যহস্তী সন্ত্ৰাস অব্যাহত আছে। মঙ্গলবাৰ পুৱতি নিশাৰ পৰা চলিত ১৭ ঘণ্টাত পাচঁজনকৈ লোক বন্যহস্তীৰ আক্ৰমণ নিহত হল।পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত বাকাইটাৰী গাওঁৰ টিকেন চন্দ্ৰ নাথ নামৰ এজন লোক নিহত হোৱাৰ পিছত সন্ধিয়া এটা প্ৰকাণ্ড বন্যহস্তীৰ আক্ৰমণত নিগমৰ মিজানুৰ ৰহমান (১২) নামৰ এজন কিশোৰ আৰু কিছুসময়ৰ অন্ত পাহাৰতোলি গাওঁৰ জাহানাৰা খাতুন নামৰ এজন মহিলাৰ মৃত্যু হয়।
আমাৰ ওচৰত শেহতীয়াকৈ অহা খবৰনুসৰি সিধাবাৰী গাওঁৰ মিনতী কলিতা আৰু কাৰিপাৰা – বগুৱানৰ হাছিনা বেগম নামৰ দুজন মহিলাক ‘ লাডেন’ নামৰ প্ৰকাণ্ড বন্যহস্তীটো আক্ৰমণত নিহত হয়। ফলত বিগত ১৭ ঘণ্টাত মৃতকৰ সংখ্যা পাচঁজনলৈ বৃদ্ধি পায়।
ইফালে মঙলবাৰে গোৱালপাৰাৰ ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিষয়ববীয়াৰ সৈতে হোৱা এক বৈঠকত শেহতীয়া হস্তী-মানৱ সংঘাতৰ বিষয়ে বিশদভাৱে বুজ লয়।
বন্যহস্তীৰদ্বাৰা গুৰুতৰভাৱে প্ৰভাৱিত অঞ্চলসমূহলৈ শীঘ্ৰে বিশেষজ্ঞৰ দল পঠিয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে আৰু উগ্ৰ হাতীটোক ধৰাৰ বাবে বিহিত ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰে।তদুপৰি, হস্তী-মানৱ সংঘাতৰ ফলত নিহত ব্যক্তিৰ পৰিয়ালবৰ্গক বুধবাৰৰ ভিতৰত ৪ লাখ টকাকৈ আৰ্থিক সাহায্য দিবলৈ বিষয়াবৰ্গক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে আৰু আহতসকলৰ বাবে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।
The post মাটিয়াত বন্যহস্তীৰ আক্ৰমণত মৃত্যুৰ সংখ্যা ৫ জনলৈ বৃদ্ধি, ৪ লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BXLrWY
via IFTTT
Comments
Post a Comment