দেশজুৰি পালন চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৪ সংখ্যক জন্মজয়ন্তী, গুৱাহাটীত মুখ্যমন্ত্ৰী সোণোৱালে শুভাৰম্ভ কৰিলে ‘একতাৰ দৌৰ’

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশজুৰি পালন কৰা হৈছে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৪ সংখ্যক জন্মজয়ন্তী। আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। পুৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, গৃহ মন্ত্ৰী অমিত শ্বাহ, দিল্লীৰ ৰাজ্যপাল অনিল বৈজল আৰু কেন্দ্ৰী মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দিল্লীত চৰ্দাৰ পেটেললৈ শ্ৰদ্ধা নিবেদন কৰে।

গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টেচ্যু অব ইউনিটিত চৰ্দাৰ বল্লভ ভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ অংশ লয় একতা পেৰেডত। প্ৰধানমন্ত্ৰীগৰাকীয়ে ষ্টেচু অৱ ইউনিটিত ভাষণ আগবঢ়াই কয়, দেশবাসী, চৰকাৰৰ হৈ মই চৰ্দাৰ বল্লভ ভাই পেটেললৈ শ্ৰদ্ধাঞ্জলী জনালো।

ওড়িশ্যাত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অংশ লয় ৰান ফৰ ইউনিটিত।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰে শুভাৰম্ভ কৰে ৰান ফ ইউনিটিৰ অনুষ্ঠানৰ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰান ফৰ ইউনিটিৰ শুভাৰম্ভ কৰি সকলো লোককে শাৰিৰীকভাৱে সবল হৈ থাকিবৰ বাবে ব্যায়াম কৰিবলৈ আহ্বান কৰে।

Image may contain: 20 people, people smiling, outdoor

নেহৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Image may contain: 9 people, people smiling, people standing and outdoor

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে ৰান ফৰ ইউনিটিৰ শুভাৰম্ভ কৰে।

উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰান ফৰ ইউনিটিৰ শুভাৰম্ভ কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যখনৰ বহু নেতা-মন্ত্ৰী।

The post দেশজুৰি পালন চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৪ সংখ্যক জন্মজয়ন্তী, গুৱাহাটীত মুখ্যমন্ত্ৰী সোণোৱালে শুভাৰম্ভ কৰিলে ‘একতাৰ দৌৰ’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JBoSeW
via IFTTT

Comments