হাৰিয়ানাত দ্বিতীয়বাৰৰ বাবে মনোহৰ লাল খট্টৰ হ’ব মুখ্যমন্ত্ৰী, দেওবাৰে ল’ব শপত…

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দেওবাৰে গঠন হ’ব হাৰিয়ানাৰ নতুন চৰকাৰ। মনোহৰ লাল খট্টৰে দ্বিতীয়বাৰৰ বাবে শপত ল’ব মুখ্যমন্ত্ৰী হিচাপে। ইফালে উপ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব জননায়ক জনতা পাৰ্টীৰ নেতা দুষ্যন্ত চৌতালাই। বিয়লি ২.১৫ বজাত চণ্ডীগড়ৰ ৰাজভৱনত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।

শনিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে চৰকাৰ গঠনৰ বাবে ৰাজ্যপালৰ পৰা অনুমতি পোৱা বুলি মন্তব্য কৰে মনোহৰ লাল খট্টৰে। উল্লেখ্য যে, ৯০ জনীয়া হাৰিয়ানা বিধানসভাত বিজেপিয়ে সমৰ্থন লাভ কৰিছে ৫৭ গৰাকী বিধায়কৰ। তাৰে ৪০গৰাকী বিধায়ক বেজেপিৰ, ১০গৰাকী জেজেপিৰ আৰু ৭ গৰাকী নিৰ্দলীয়।

মনোহৰ লাল খট্টৰক বিজেপিৰ বিধায়নী দলৰ নেতাহিচাপে শনিবাৰে নিৰ্বাচিত কৰা হয়। খট্টৰৰ নাম প্ৰস্তাৱ কৰিছিল বিধায়ক অনিল ভিজ আৰু কোঁৱৰ পালে। তাৰ পিছতে খট্টৰে ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যৰ ওচৰত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।

The post হাৰিয়ানাত দ্বিতীয়বাৰৰ বাবে মনোহৰ লাল খট্টৰ হ’ব মুখ্যমন্ত্ৰী, দেওবাৰে ল’ব শপত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BNXt5g
via IFTTT

Comments