পাৰ হ’ল ১১ টা বছৰঃ অভিশপ্ত ৩০ অক্টোবৰ…

ডিজিটেল ডেস্কঃ আজি ৩০ অক্টোবৰ। অসমত সংঘটিত ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই আজি ১১ টা বছৰ সম্পূৰ্ণ কৰিলে। শিশুকে ধৰি ৯০ জনতকৈয়ো অধিক লোকৰ প্ৰাণ লোৱা এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী লোকৰ অন্তৰ সেমেকাই তোলে।
২০০৮ চনৰ ৩০ অক্টোবৰৰ পুৱা বিদ্ৰোহী সংগঠন এন ডি এফ বি(ৰঞ্জন দৈমাৰী)-এ গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ ৰাজ্যৰ কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁৱত সংঘটিত কৰিছিল ধাৰাবাহিক বিস্ফোৰণ।
উল্লেখ্য যে, এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছে। ঘটনাৰ তদন্ত কৰি দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআইয়ে। চাৰ্জশ্বীটত আছিল ২২ জনৰ নাম। ২২ জনৰ ভিতৰত ৭ জন আছিল পলাতক। বাকী আদালতত উপস্থিত থকা ১৫ জনৰ ভিতৰত ১৫ জনকে দোষী সাব্যস্ত কৰিছিল আদালতে।
এই বিস্ফোৰণত দোষী সাব্যস্ত হোৱা সকল হৈছে-
১. ৰঞ্জন দৈমাৰী
২. জৰ্জ বড়ো
৩. জয়ন্তী ব্ৰহ্ম
৪.অজয় বসুমতাৰী
৫. প্ৰভাত বড়ো
৬. ৰাজু চৰকাৰ
৭. খৰ্গেশ্বৰ বসুমতাৰী
৮. মৃদুল গয়াৰী
৯. বি থৰাই ওৰফে বৈশাগী
১০. মথুৰাম ব্ৰহ্ম
১১. আনচাই বড়ো
১২. ইন্দ্ৰ ব্ৰহ্ম
১৩. লক’ বসুমতাৰী
১৪. ৰাজেন গয়াৰী
১৫. নীলিম দৈমাৰী
উল্লেখ্য যে, গুৱাহাটীত ৩টা, বৰপেটা ৰোডত ২টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত ২টা বিস্ফোৰণ সংঘটিত হৈছিল ৩০ অক্টোবৰ ২০০৮ত।
The post পাৰ হ’ল ১১ টা বছৰঃ অভিশপ্ত ৩০ অক্টোবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34ei52K
via IFTTT
Comments
Post a Comment