গুৱাহাটীলৈ যোৱাৰ পথত ২ শিশুসহ মাতৃ নিৰুদ্দেশ…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত মেৰগাণ্ডা (বৰভিঠা)ৰ পৰা গুৱাহাটীলৈ যোৱা পথত দেওবাৰে দুটি শিশুসহ এগৰাকী মহিলা নিৰুদ্দেশ হৈছে৷ প্ৰাপ্ত অভিযোগমতে গৰৈমাৰীৰ মেৰগাণ্ডা গাঁও নিবাসী ছাহজাহান আলীৰ বিবাহিতা কন্যা ফুলু বেগমে (২৫) যোৱা ২৭ অক্টোবৰৰ দুপৰীয়া দুটি শিশু ক্ৰমে ফুলচান আলী (৩) আৰু মৰমী বেগম (১)ক লগত লৈ পিতৃগৃহ মেৰগাণ্ডাৰ পৰা গুৱাহাটীত থকা তাইৰ স্বামীৰ ওচৰলৈ যোৱা পথত তিনিও নিৰুদ্দেশ হয়৷
উল্লেখযোগ্য যে চাৰে চাৰি ফুট উচ্চতাৰ শুভ্ৰ বৰণৰ ফুলু বেগম নিৰুদ্দেশৰ সময়ত ক’লা ৰঙৰ লংফ্ৰক পৰিধান কৰিছিল৷ ইপিনে মহিলাগৰাকীৰ সৈতে শিশু দুটিক পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও কোনো সন্ধান উলিযাব পৰা নাই৷
ইপিনে নিৰুদ্দেশ সন্দৰ্ভত পিতৃ ছাহজাহান আলীয়ে সোমবাৰে গৰৈমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে৷ কোনো সদাশয় ব্যক্তিয়ে মহিলাজনীৰ সৈতে শিশু দুটাৰ সন্ধান পালে ৮৩৯৯০-০৬৬৪৮ আৰু ৮৪৮৬৭-১০০৭৩ ম’বাইল নম্বৰ নতুবা স্থানীয় আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷
The post গুৱাহাটীলৈ যোৱাৰ পথত ২ শিশুসহ মাতৃ নিৰুদ্দেশ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34ekkTW
via IFTTT
Comments
Post a Comment