কেবাগৰাকী পত্নীৰ সৈতে গুলীয়াই হত্যা বিশ্ব সন্ত্ৰাসবাদী আবু বক্কৰ বাগদাদীক…

ডিজিটেল ডেস্কঃ বিশ্ব সন্ত্ৰাসবাদী আবু বক্কৰ বাগদাদীক গুলীয়াই হত্যা। আমেৰিকাৰ সেনাই বাগদাদীক হত্যা কৰে বুলি জানিব পৰা গৈছে। হোৱাইত হাউচত এই সম্পৰ্কে দেওবাৰে ঘোষণা কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। বাগদাদীক ছিৰিয়াৰ উত্তৰ পূৱ এলেকাৰ পৰা বিচাৰি হত্যা কৰা বুলি জানিব পৰা গৈছে।

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল। অৱশ্যে বাগদাদীৰ বিৰুদ্ধে চলোৱা অভিযান কিমান সফল হৈছিল সেই সম্পৰ্কে এতিয়ালৈকো কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। উল্লেখ্য যে, ৫ বছৰৰ পৰা আত্মগোপন কৰি আছিল বিশ্ব সন্ত্ৰাসবাদী বাগদাদীয়ে।

ইফালে তেওঁৰ লগতে কেবাগৰাকী পত্নীকো হত্যা কৰা বুলি এক সূত্ৰত প্ৰকাশ। বাগদাদীক কেবাবছৰৰ পৰা বিচাৰি অভিযান চলাই আছিল আমেৰিকাৰ সেনাই। তেওঁৰ সম্পৰ্কে কোনো লোকে খবৰ দিলে ধন দিয়াৰ কথাও ঘোষণা কৰিছিল আমেৰিকাৰ সেনাই।

The post কেবাগৰাকী পত্নীৰ সৈতে গুলীয়াই হত্যা বিশ্ব সন্ত্ৰাসবাদী আবু বক্কৰ বাগদাদীক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32QROaE
via IFTTT

Comments