ধূপগুৰি জুনিয়ৰ কলেজৰ নৱাগত আদৰণি সভা…

ডিজিটেল সংবাদ, বটদ্ৰৱা: “মাধ্যম কেতিয়াও উন্নতিৰ অন্তৰায় হ’ব নোৱাৰে। মাতৃভাষাৰেও বিশ্ব জয় কৰিব পাৰি। বিশ্ব বিশ্ৰুত বহু ব্যক্তিয়ে শিক্ষা নিজৰ মাতৃভাষাতে গ্ৰহণ কৰিছিল।”- এই মন্তব্য সাহিত্যিক তথা বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ ত্ৰিদিব কুমাৰ গোস্বামীৰ।

দেওবাৰে বটদ্ৰৱাৰ ধূপগুৰি জুনিয়ৰ কলেজত অনুষ্ঠিত নৱাগত আদৰণি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি এই মন্তব্য কৰে ড০ ত্ৰিদিব কুমাৰ গোস্বামীয়ে। মহাবিদ্যালয়খনৰ অধ্যক্ষ লক্ষ্যধৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক দিব্যজ্যোতি বৰুৱাই ছাত্ৰ-ছাত্ৰী সকলক মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আনুষ্ঠানিক শিক্ষাৰ উপৰিও নৈতিক শিক্ষাৰে শিক্ষিত হৈ আগবাঢ়ি যাবলৈ আহবান জনায়।

পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্রী তথা কবি প্ৰহেলিকা কৌশিক, ধূপগুৰি জুনিয়ৰ কলেজৰ সম্পাদক মেহবুব হাজৰিকা, অধ্যাপক অৰুন ছন্দ নাথ, পল্লবিতা মহন্ত, খাইৰুল ইছলামে ভাষন প্ৰদান কৰা সভাৰ শেষত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী সকলে গীত-নৃত্য-কবিতাৰ সমাহাৰেৰে এটি মনোজ্ঞ অনুষ্ঠান পৰিবেশন কৰে।

The post ধূপগুৰি জুনিয়ৰ কলেজৰ নৱাগত আদৰণি সভা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qPUXtb
via IFTTT

Comments